মডেলিংৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰলৈ প্ৰীতি কংকনাৰ যাত্ৰা

Spread the love

ভুপেশ খাটনিয়াৰ


অৰ্ধাংগিনী ধাৰাবাহিক খনত কৰা অভিনয়ৰ জৰিয়তে জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰা মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনা | ১৬ বছৰ বয়সৰ পৰাই মডেলিংত কাম কৰি আহিছে  এই গৰাকী মোহময়ী অভিনেত্ৰী | 

মডেলিংৰ ক্ষেত্ৰখনত “মিছ তিলোত্তমা”ত প্ৰথম ৰাৰ্ণাছ আপ আছিলে | তাৰ পিছত ২০১১ চনত “মিছ ইণ্ডিয়া ইষ্ট” খিতাপ দখল কৰিবলৈ সক্ষম হয় |        

কটন কলেজৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতেই উচ্চশিক্ষাৰ বাবে দিল্লীৰ শিক্ষানুষ্ঠান আই এম এছৰ পৰা বি জে এম চি ডিগ্ৰী লাভ কৰে |           এই গৰাকী মোহময়ী অভিনেত্ৰী ২০০৯ চনত প্ৰথম অসমীয়া ধাৰাবাহিক “নীলাখামৰ চিঠি”ৰ জৰিয়তে প্ৰথম খোজ পেলায় অভিনয়ত |

এই প্ৰথম খোজৰ সফলতাৰে আগুৱাই গৈ একাদিক্ৰমে অসমীয়া ধাৰাবাহিক “শিৰোমনি”, “একলব্য “, “অস্তিত্ব”,”মৰমৰ অনুৰাধা”, “অপৰূপা” , “অগ্নি”, “অৰ্ধাগিনী”, “চান্দমাৰিৰ চান্দনি”ত কৰা সাবলীল অভিনয়ে কাহিনীৰ সুন্দৰ উপস্থাপনক অধিক জীপাল কৰি এই অসমীয়া ধাৰাবাহিকবোৰক জনপ্ৰিয়তাৰ শিখৰলৈ লৈ যায় | শেষতীয়াকৈ ৰাজেশ ভূঞাৰ পৰিচালা “বেগম জান” নামৰ মেগা ধাৰাবাহিক খনৰ কামত ব্যস্ত হৈ থাকে |        

 মোহময়ী অভিনেত্ৰী গৰাকীয়ে  ৰবি শৰ্মাৰ বিগ বাজেটৰ অসমীয়া কথাছবি “ৰঘুপতি”ত মুখ্য নায়িকাৰ চৰিত্ৰত অভিনয় কৰে আৰু সৰোজ শৰ্মাৰ বাস্তব ধৰ্মী আন এখন অসমীয়া কথাছবিৰো কাম হাতত লয় |          

এই গৰাকী মডেলিং তথা মোহময়ী অভিনেত্ৰী অহা ২০২০ – ২০২১ নাট্যবৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ আগশাৰীৰ নাট্যদল থিয়েটাৰ সূৰ্য্যত চুক্তিবদ্ধ হয় |

থিয়েটাৰ সূৰ্য্যই তিনিখন মননশীল মৌলিক নাটক লয় কালিদাসৰ শকুন্তলা অভিজিৎ ভট্টচাৰ্যই  নাট্যৰুপ দিয়ে, মই সেন্দুৰ নলওঁ আৰু প্ৰশান্ত মেনাৰ পৰশুৰামৰ প্ৰেয়সী | ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো মোহময়ী অভিনেত্ৰী গৰাকীৰ এই নাট্য যাত্ৰা সফলতাৰে আগবাঢ়ক |

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *