চিনেমা, ধাৰাবাহিকত নহ’ব কৰমৰ্দন, আলিংগন, চুম্বন

Spread the love

শ্বুটিঙৰ সময়ত নতুন নিৰ্দেশনা প্ৰডিউচাৰ্চ গিল্ড অব ইণ্ডিয়াৰ

মুম্বাই, ২৯ মে’ ঃ প্ৰডিউচাৰ্চ গিল্ড অব ইণ্ডিয়াই চিনেমা আৰু টিভি ছিৰিয়েল শ্বুটিং কৰাৰ সময়ত নতুন নিৰ্দেশনা তৈয়াৰ কৰিছে৷ লকডাউন উঠি গ’লে সেই নিয়ম আখৰে আখৰে পালন কৰা হ’ব৷ চৰকাৰে অনুমতি দিলেই আৰম্ভ হ’ব নতুন নীতি নিয়ম৷

শ্বুটিং আৰম্ভ হোৱাৰ পৰা প্ৰথম তিনি মাহ যথেষ্ট দূৰত্ব ৰক্ষা কৰি ৰাখি শৰীৰৰ তাপমাত্ৰাৰ মাপ, ছেনিটাইজাৰ, সামাজিক দূৰত্ব, সম্ভৱ হ’লে ঘৰৰ পৰা কাম, ফোনত আৰোগ্য সেতু এপ ডাউনলড কৰা আদি মানি চলিব৷

কলাকুশলীৰ সংখ্যা যথাসম্ভৱ কমকৈ ৰখা হ’ব৷ বাহিৰৰ শ্বুটিং এৰাই চলা হ’ব৷ শ্বুটিঙৰ ঠাইত চিকিৎসকৰ দল ৰখা হ’ব, যাতে দুজন কনিষ্ঠ চিকিৎসক থাকে৷ লগতে এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্চ থাকিব৷ কলাকুশলীয়ে একাধিক ছবি বা ছিৰিয়েলৰ কাম কৰিলে তেওঁলোকৰ সংক্ৰমণৰ সংখ্যা আৰু আশংকা থাকি যায়৷

সেয়ে যথেষ্ট সাৱধানতাৰ জৰুৰী৷ প্ৰতিখন ছবি বেলেগে আৰু ব্যৱস্থা অনুসৰি কৰা হ’ব৷ চৰকাৰে লকডাউন তুলি দিলেও প্ৰথম কেইটামান মাহ কঠোৰ নিয়ম মানি চলা হ’ব৷ শ্বুটিঙৰ ঠাইত বেৰা দিয়া আৰু শ্বুটিঙৰ সময়ত হাত পৰিষ্কাৰ কৰি ৰখা হ’ব৷ কলাকুশলীক তিনি স্তৰৰ মেডিকেল মাস্ক আৰু গ্ল’ভছ দিয়া হ’ব৷ মাস্ক খোলা আৰু অৰক্ষিত অৱস্থাত পেলালে নহ’ব৷

প্ৰয়োজনত ডাষ্টবিনত পেলাব লাগিব৷ শ্বুটিঙৰ সময়ত ষ্টুডিঅ’ৰ দৰ্জা খোলাৰ বাবে নিৰ্দিষ্ট মানুহ ৰখা হ’ব৷ প্রতিদিনে শ্বুটিং আৰম্ভ হোৱাৰ আগেয়ে ষ্টুডিঅ’ ছেনিটাইজাৰ কৰা হ’ব৷ শ্বুটিং এলেকাৰ বাহিৰত আইছ’লেচন জ’ন ৰখা হ’ব৷ কৰ্মীসকলক দুই মিটাৰ দূৰত্বত ৰখা হ’ব৷ কৰমৰ্দন, আলিংগন, চুম্বন আৰু আন শাৰীৰিক স্পৰ্শ নচলিব৷

চিগাৰেট ভাগ কৰি সেৱন কৰিবলৈ দিয়া নহ’ব৷ সকলো কৰ্মী আৰু শিল্পীয়ে তেওঁলোকৰ শাৰীৰিক৷অৱস্থা জানি নতুন চুক্তিত চহী কৰিব লাগিব৷ প্ৰতিবাৰ ছেটত সোমোৱাৰ সময়ত ফিটনেছ ফৰ্ম পুৰাব লাগিব৷

শ্বুটিঙৰ অন্তত ৪৫ মিনিট আগতে সকলো স্পট পাবহি লাগিব যাতে নিৰাপত্তামূলক নিয়ম সঠিক মতে হয়৷ যিসকলৰ বয়স ৬০ ওপৰত আৰু অসুস্থ তেওঁলোকক ঘৰৰ পৰা কাম কৰাৰ সুবিধা দিয়া উচিত৷

যিসকলৰ ৬০ বছৰৰ বেছি তেওঁলোকৰ শ্বুটিং আৰম্ভ হোৱাৰ পৰা অন্তত তিনি মাহ কামত যোগ দিবলৈ দিয়া নহ’ব৷ ৬০ বছৰৰ অধিক অভিনেতা-অভিনেত্ৰীৰ ক্ষেত্ৰত যাৱতীয় নিযুক্তি আইনগত পৰামৰ্শ মানি কৰা হ’ব৷

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *