কলাগুৰুৰ কথা আৰু আমাৰ বিষ্ণুৰাভা দিৱস

Spread the love

দিবাকৰ ৰেণু

আজি বিষ্ণুৰাভা দিৱস।অসমৰ পৰা ভাৰতৰ স্বাধীনতা আন্দোলনত একাগ্ৰতাৰে যুঁ‌জ দি পিছলৈ অসমৰ মুক্তিৰ সপোন দেখা বিপ্লৱী বিষ্ণু প্ৰসাদ ৰাভাক কোনে বাৰু চিনি নাপায় ! যি চৰকাৰে এদিন ৰাভাৰ মূৰৰ দাম নিৰ্ধাৰণ কৰিছিল,সেই চৰকাৰেই আজি বিষ্ণু ৰাভা দিৱস উলহ মালহেৰে পালন কৰে,ৰাজকোষৰ ধনেৰে।

কিন্তু বিষ্ণুৰাভাৰ কোনো ভুল নাছিল।বিষ্ণুৰাভাই বুজি পাইছিল,স্বাধীনতাৰ সোৱাদ যে সাধাৰণ জনতাৰ বাবে নহয়।তেওঁ সেয়ে বৰমাৰ দীঘেলীত ক’লা পতাকা উত্তোলন কৰি “য়ে আজাদী ঝুথা হেই “বুলি সগৌৰৱে ঘোষণা কৰিছিল।মেদিনী চৌধুৰীয়ে লিখি উলিওৱা বিষ্ণুৰাভা দেৱৰ জীৱন ভিত্তিক উপন্যাস “ফেৰেংগাদাও” ত এই কথা উল্লেখ কৰি গৈছে।ফেৰেংগাদাও লিখাৰ সমল বিচাৰি এদিন মেদিনী চৌধুৰী উপস্থিত হৈছিল,কলাগুৰুৰ সতীৰ্থ কমৰেড ৰতি স্বৰ্গিয়াৰীৰ দীঘেলীৰ ঘৰত।দীঘেলী নলবাৰী আৰু বাস্কা জিলাৰ মাজেৰে বৈ যোৱা মৰা পাগলাদিয়াৰ পাৰৰ এখন ঐতিহাসিক গাওঁ‌।

ৰাতি স্বৰ্গিয়াৰীয়ে কোৱা অনুসৰি ৰাভাদেৱক সকলোৱে “ফেৰেংগাদাও আবৌ” বুলি মাতিছিল।ফেৰেংগাদাও মানে ফেঁ‌হু চৰাই।সেয়ে চৌধুৰীয়ে উপন্যাস খনৰ নাম দিছিল “ফেৰেংগাদাও”।

বিষ্ণুৰাভা যে অকল এক সংগ্ৰামী সত্তায়েই আছিল,তেনে নহয়।তেখেত আছিল এগৰাকী নিপুণ অভিনেতা আৰু উপস্থিত বুদ্ধি সম্পন্ন ব্যক্তি ।ভেশচন ধৰাত বিষ্ণুৰাভা আছিল নিপুণ।এদিনৰ কথা, বাৰিষাকাল ,ৰাভা চৰকাৰৰ ৰোষত পৰি আত্মগোপন কৰি আছিল নলবাৰীৰ উত্তৰে পাগলাদিয়া নদীৰ পশ্চিম পাৰে দীঘেলী নামে এখন গাঁ‌ওত, এঘৰ মানুহৰ ঘৰত। চৰকাৰৰ আৰক্ষী বাহিনীয়ে খৱৰ পাই গোটেই ৰাতি সশস্ত্ৰ পহৰা দি আছে, ৰাতি পুৱালেই তেওঁক আটক কৰিবৰ মনেৰে।

পাগলাদিয়া নদী পানীৰে উপচি পৰিছে। দোকমোকালিতে কান্ধত এখন নাঙল, মূৰত জাপি, হাতত এডাল লৰু, গাত এটা ফটা চোলা আৰু আঁঠুৰ ওপৰৰ পৰা এখনি পুৰণি গামোচা কঁকালত পিন্ধি এজন বড়ো জনজাতীয় খেতিয়কৰ বেশত এহাল গৰু খেদি পহৰা দি থকা আৰক্ষী বাহিনীৰ আগেৰে ৰাভা ওলাই গ’ল। আৰক্ষী বিষয়া এজন মুখামুখি হোৱাত বিষয়াজনে তেওঁক ৰাভাৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিলে- “আমি খব নাফাৰং কুনি বিষ্ণু ৰাভা” বুলি কৈ আগেৰে ৰাভা গুছি গ’ল। আৰক্ষী বিষয়াই ততকে ধৰিব নোৱাৰিলে। কিছুদূৰ গৈয়ে সুযোগ সুবিধা বুজি গৰুহাল, কান্ধৰ নাঙল আৰু মূৰৰ জাপি থিতাতে থৈ ফেনে ফোটোকাৰে বাঢ়ি অহা পাগলাদিয়া নৈ পাৰ হৈ পূৱ পাৰত উঠি এখন নিৰাপদ ঠাইত আশ্ৰয় ল’লেগৈ।

এই গৰাকীয়েই আছিল আমাৰ বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা।বৰপেটাৰ মাজৰবৰী গাওঁৰ লক্ষীকান্ত বড়োৰ লগত মাজে সময়ে আমাৰ ৰাভাদেউৱে নিশা ঘূৰাফুৰা কৰিছিল।তেখেতৰ ঘৰতেই কেতিয়াবা নিশাটোও যাপন কৰিছিল।লক্ষী বড়োৰ পত্নীৰ নাম আছিল ৰজনী।ৰজনীয়ে ৰাভাদেউক গুৰু মানিছিল।এদিন বৰপেটা জিলাৰ উত্তৰ বিজনী মৌজাৰ চিপাহীৰ দল এটাই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত বিষ্ণু ৰাভা আৰু তেখেতৰ সংগী সকলক বিচাৰি সমগ্ৰ অঞ্চল চলাথ কৰিছিল।

চোৰাংচোৱাৰ খবৰ অনুসৰি ৰজনী বড়োৰ ঘৰত গোটেই চিপাহীৰ দলটো প্ৰবেশ কৰিলে আৰু তেখেতসকলৰ ঘৰত থকা সকলোকে উঠাই লৈ গ’ল।সেই দলটোৰ ভিতৰত ৰজনী বড়োৱেই আছিল দেখনিয়াৰ আৰু সগৰ্ভা।ৰজনীক বিষ্ণুৰাভাৰ কথা সুধিলে।কিন্তু ৰজনী মৌন হৈ ৰ’ল।পিছলৈ চিপাহীয়ে নিৰ্মম অত্যাচাৰ কৰি তেখেতৰ পৰা বিষ্ণুৰাভাৰ বিষয়ে জানিব বিচাৰিলে।কিন্তু ৰজনীয়ে যি মুখ বন্ধ কৰিলে আৰু নুখুলিলে।চিপাহীবিলাকৰ অকথ্য অত্যাচাৰত চিৰদিনলৈ তেখেতে চকু মুদিলে।কলাগুৰুৰ প্ৰতি ইমান উদাৰ আৰু ইমান ভালপোৱা অকল মাথোন এনে এটাই মাথোন ঘটনা নাই।কলাগুৰুৰ জীৱনৰ অনেক ঘটনা আছে,যিসমূহ ঘটনা আজিৰ প্ৰজন্মই সাধু বুলিহে ক’ব।

কলাগুৰু আছিল ভাষাৰ পূজক।তেখেতে প্ৰায় বিলাক জনজাতীয়,জাতীয় ভাষা জানিছিল।তেখেতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈও গৈছিল।মাত্ৰ আঠ দিনতে তেখেতে ভূটীয়া ভাষা শিকি লৈছিল।লগতে ভূটীয়া সকলৰো আপোনহৈ পৰিছিল।তাতেই তেখেতে অসমৰ ভোৰতাল দেখা পালে আৰু অনুভৱ কৰিলে ভোট তালেই ভোৰতাল বুলি।ভূটীয়া সকলৰ পৰম্পৰাগত খাদ্য শুকান মঙহ আৰু ভাত খাই তেখেতে ভূটীয়া সকলৰ লগত গীত মাতৰ চৰ্চা কৰিলে।ভূটানৰ থাইচুংজোৰা গাওঁৰ ৰাইজৰ মাজত তেখেত দেও পুৰুষ বুলি জনাজাত হৈছিল।তাতেই ৰাভাদেৱে বুদ্ধদেৱৰ চাৰিখন ছৱি ঠাইতে অংকন কৰি ভূটীয়া সকলক উপহাৰ দিলে।ভূটীয়া সকলে সেই উপহাৰ পাই আনন্দত অধিৰ হ’ল আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে— আমাৰ মিতা কোনোবা দেৱতা আছে ঐ।ভূটানৰ পৰা নেপালৰ সীমাৰে গৈ আমাৰ কলাগুৰু পাইছিলগৈ তিব্বত।তাতেই তেওঁ ভাষা সংস্কৃতিৰ সমন্বয়ৰ বিভিন্ন দিশৰ অধ্যয়ন কৰিলে।ৰাভাদেৱ আছিল উৰণীয়া মৌ,এটি মুক্ত আকাশত উৰি ফুৰা চৰাই।আজি যদি কাইলৈ ধুবুৰী,গোৱালপাৰাত বিষ্ণুৰাভাক দেখা গৈছিল।ধুবুৰীৰ গৌৰীপুৰৰ ৰাজবাৰীত প্ৰতিমা বৰুৱাৰ গৃহত ৰাভাদেৱে বহুত দিন আশ্ৰয়লৈ আছিল।

বিষ্ণু প্ৰসাদ ৰাভাৰ আছিল জনতাৰ মানুহ।তেখেতৰ বাবে কোনোবাই যদি নিজৰ সতীত্ব ত্যাগ কৰিছিল,কোনোবাই আকৌ জিভা কামুৰি চিঙি পেলাইছিল। গোপন তথ্য বিচাৰি ছয়গাঁ‌ওৰ ধানোপাৰা গাঁ‌ৱৰ শিল্পী প্ৰতাপ চন্দ্ৰ ৰাভাক পুলিচে অতিসাহ্য দিয়াত ,শিল্পী গৰাকীয়ে নিজৰ জিভা নিজেই দাঁ‌তেৰে কামুৰি চিঙি পেলাইছিল।জনতাৰ বন্ধু ৰাভাদেৱ তেখেতৰ গুণগ্ৰাহী সকলৰ বাবে কিমান জনপ্ৰিয় আছিল,এই ঘটনাৰে জানিব পাৰি। প্ৰতাপ চন্দ্ৰ ৰাভা গাজি ৰাভা নামেৰে হে অধিক জনপ্ৰিয় আছিল। সেই গৰাকী ৰাভা আছিল বৰপেটাৰ প্ৰখ্যাত লোক শিল্পী গোকুল পাঠকৰো সংগী।বৰপেটাৰ প্ৰায় বিলাক বৈঠক অনুষ্ঠানত লোকগীত পৰিৱেশনৰ সংগত ৰাভাদেৱেও অংশগ্ৰহণ কৰিছিল।

সেইগৰাকী ৰাভাদেৱৰ সুপুত্ৰ হেমৰাজ ৰাভাই ৰাভাদেৱৰ শেষ দিনটোৰ বিষয়ে লিখিছে আৰু কিছু কথাকলৈ আক্ষেপ কৰিছে এইদৰে —-
“নিশা প্ৰায় ২-৪৫ মান বাজিছে। তাৰিখ হিন্দুসকলৰ মতে ১৯জুন আৰু ইংৰাজীৰ মতে ২০জুন। চন ১৯৬৯। দুৱাৰত কোনোবাই আমাৰ নাম মাতি জোৰে জোৰে হাতেৰে কোবাইছে। সাৰ পালো আমি। মনত পৰিল ১৯৬২চনৰ চীনা আক্ৰমণৰ কথা। আকৌ বিষ্ণু ৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ আহিল নেকি বুলি। মাহী দানী বালা বসুমতাৰীয়ে দুৱাৰখন খুলি দিলে। দুৱাৰমুখত বিষ্ণু ৰাভাৰ ভতিজা পাণ্টু ( সুনীল ৰাভা) ¡ আমাক তাৰাতাৰি কাপোৰ সলাবলৈ ক’লে। সেইমতেই কাপোৰ সলোৱাৰ পিছত আমাক দুয়োকে তেজপুৰ চিভিল হস্পিতাললৈ লৈ গ’ল।


গৈ দেখিলো হস্পিতালৰ ১নং কোঠাৰ কাষত মানুহৰ ভিৰ। মা , বিষ্ণু ৰাভাৰ পত্নী মোহিনী ৰাভা এখন দীঘল বেঞ্চত অচেতন হৈ পৰি আছে। বিষ্ণু ৰাভাৰ বায়েক মনমোহিনী মেছে চিঞৰি চিঞৰি কান্দিছে – “” খুটু তই কলৈ গলি অ” বুলি। লাহে লাহে আমাৰ কঁপনি উঠিবলৈ ধৰিলে। চিভিলৰ বাৰান্দাত ওপৰ কটিকৈ মূৰে কপালে হাত দি বহি থকা ফণী শৰ্মাই আমাক দেখি আগুৱাই আহিল। মোক কোলাত ডাঙি লৈ দুয়োকে ১নং কোঠালৈ লৈ গ’ল। খিৰিকীৰে দেখিলোঁ‌ দেউতা শুই আছে। মুখখন এখন গামোছাৰে ঢাকি থোৱা আছে। ফণী শৰ্মাই আমাক দুয়োকে সাৱটি হুকহুকাই কান্দি উঠিল – ” বিষ্টু তই গ’লি গৈ, যা তোৰ পিছে পিছে ময়ো গৈ আছো। ” গোটেই হস্পিতালত কান্দোনৰ ৰোল বা গোমোঠা মুখ।


হয় সিদিনা বিষ্ণু ৰাভাক পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল সেই একেই চোৰাংচোৱাৰ অপৰাধত চিৰদিনৰ বাবে। সেই চোৰাংচোৱাগিৰি আছিল – সংস্কৃতিৰ সৰগৰ থোপা থোপা তৰা আনি অসমত সিঁচি দিয়াৰ অপৰাধ। সৰগৰ নীতিক অবমাননা কৰি এক বৃহৎ আসমীয়া জাতি গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰি সৰগৰ অধিপতিয়ে মাত্ৰ ৬০বছৰ বয়সত চিৰদিনৰ বাবে লৈ গ’ল। প্ৰমাণ হ’ল পুঁ‌জিবাদীৰ নেতাৰ ত্যাগে বৰ বৰ পুঁ‌জিবাদীৰ সৃষ্টি কৰে আৰু শোষিত দুখীয়াৰ নেতাৰ ত্যাগে বহু বেছি শোষিত নিচলা দুখীয়াৰ সৃষ্টি কৰে। এটা বৃহৎ জাতি গঢ়িবলৈ যোৱা নেতাৰ ত্যাগে বহু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিৰ সৃষ্টি কৰে।


আমি মাথো ঘঁৰিয়ালৰ চকুপানী টুকি কওঁ – ” তেখেত যদি আজি জীয়াই থাকিলহেতেন । ” জীয়াই থাকিলে কি হ’লহেতেন? বিষ্ণু ৰাভাক হয় তো ফুটপাথত থৈ আমি ক’লোহেতেন – ” আপুনি আমনি নকৰিব , আপোনাৰ ঘৰটো সংৰক্ষণ কৰিবলৈ আহিছোঁ‌” – বুলি। যিদৰে তেওঁৰ সৃষ্টিৰাজি ধ্বংস হৈ গ’ল অথচ তেওঁৰ ককায়েকৰ ঘৰটোহে সংৰক্ষণৰ দাবী বেছিকৈ উঠিছে। তেওঁৰ সৃষ্টিৰাজিৰ কি প্ৰয়োজন ? ইমান সুন্দৰ তেজপুৰ চহৰৰ মাজমজিয়াৰ বিষ্ণু ৰাভাৰ ককায়েকৰ মাটিডোখৰলৈহে এচামৰ চকু।
সৰগৰ অধিপতিয়ে বিষ্ণু ৰাভাক গ্ৰেপ্তাৰ কৰি লৈ গ’ল ধুনীয়াকৈ চাঙিত ডাঙি , ককালত পঘাৰে বান্ধি নহয়।


সঁচাকৈয়ে ” তেখেত যদি আজি জীয়াই থাকিলহেতেন ” বুলি কৈ আমি আমাৰ মুখ বন্ধ কৰি তেখেতৰ সৃষ্টিৰাজিৰ শ্ৰাদ্ধ খাবলৈহে অপেক্ষা কৰি আছো। আমাৰ চৰকাৰেও আকৌ এশজনৰ কথা নুশুনে , এজন দুজনৰ কথাহে গুৰুত্ব দি শুনে গণতান্ত্ৰিক চৰকাৰ যে।

(হেমৰাজ ৰাভা)

হেমৰাজ ৰাভাদেৱৰ ভাষাৰে আমিয়ো ক’ব খোজোঁ‌–কাইলৈ ২০ জুন। সমগ্ৰ অসমে বিষ্ণুৰাভা দিৱস পালন কৰিব।অসমৰ অনেক সংগঠনে বিষ্ণুৰাভা দিৱস,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস,আৰু ৰাভা দিৱস নামেৰে প্ৰবাদ পুৰুষ,সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ মৃত্যুৰ দিনটো অতি উলহ মালহেৰে পালন কৰিব।বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নামত চৰকাৰে বিভিন্ন বঁ‌টাও প্ৰদান কৰিলে লগতে চৰকাৰী ভাৱে বিদ্যালয় সমূহতো বিষ্ণুৰাভা দিৱস পালনৰ নিৰ্দেশ দিব।২১ জুনৰ দিনা বাতৰি কাকতত বিভিন্ন অঞ্চলত বিষ্ণুৰাভা দিৱস পালনৰ বাতৰি ওলাব।ক’ৰবাত ডিস্কো ডেঞ্চ,ক’ৰবাত চেনীমাই আদি উদ্যাম নৃত্যও বিষ্ণুৰাভা দেৱৰ এই দিৱসত পৰিৱেশন কৰা হ’ব।তাৰ পিছত ক্ষমা,বিতৰ্ক গৰিহনাও হ’ব।২২ জুনৰ পিছত সকলো পাহৰনিৰ গৰ্ভত সোমাব।এই দৰে,এটা জাতিৰ ফেৰেংগাদাও বুলি জনাজাত ৰাভাদেৱৰ মূল্যায়ণ হ’ব বুলি আমি ভাবিব পাৰোঁ‌নে ? বিষ্ণুৰাভাৰ দৰে এনে অনেক অসমীৰ সন্তান আজি পাহৰণিত।তেনেদৰে বিষ্ণুৰাভাও।প্ৰতিখন চৰকাৰৰ দিনত আমাৰ আদি পুৰুষ সকলৰ বাবে বহু কিবা কিবি কৰাৰ প্ৰতিশ্ৰুতি শুনা যায়,কিন্তু সেইয়া কাৰ্যত হৈ উঠা দেখা নাই।কেতিয়াবা ৰাইজৰ হেচাত চৰকাৰে কিবা এটা কৰাৰ কাম কিছুমান লোকক অৰ্পণ কৰিলেও ,কিবা কিবি আসোঁৱাহৰে কামটো অসম্পূৰ্ণ হৈয়ে ৰয়।আমি আমাৰ জেষ্ঠ সকলক মৃত্যুৰ পিছতহে সন্মান দিবলৈ হেতা-ওপৰা লগাও।এনে কথা এটাতেই সীমাবদ্ধ নহয়।এই ক্ষেত্ৰত এক ব্যাপক চিন্তাৰ অৱকাশ আছে। বিষ্ণুৰাভা দিৱসৰ অনুষ্ঠানটো এটা পবিত্ৰ অনুষ্ঠান।যি অনুষ্ঠানত সেই পবিত্ৰতা ৰক্ষা নহয়—সেই অনুষ্ঠানত উদ্যোগতা সকলে বেনাৰত যিমানে যি নিলিখক কিয়,সেইটো ৰাভাদেৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা নুবুজায়। বিষ্ণুৰাভা দিৱস অনুষ্ঠিত কৰিলেই আমাৰ দায়িত্ব শেষ হৈ নাযায়।প্ৰতিটো সংগঠনে সন্মিলিত হৈ বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ নামত এটি আৰ্কাইভ,তেখেতৰ স্মৃতি স্থান সমূহত একোটাকৈ পুথি ভড়াঁ‌ল,আৰু তেখেতৰ সকলো সাহিত্যিক অৱদান আৰু সম্পদক সংৰক্ষণৰ বাবে এটি যাদুঘৰ,লগতে এখন তথ্য চিত্ৰ প্ৰস্তুত কৰাত হাত উজান দিয়া উচিত।তেনে নকৰিলে,ৰাভা দেৱলৈ আমাৰ উচিত সন্মান প্ৰদৰ্শন কৰা নহ’ব বুলি আমি ভাবো।এই ক্ষেত্ৰত আমি বিষ্ণুৰাভাবাদী সকল একগোট হোৱা উচিত।

এই ক্ষেত্ৰত বিষ্ণুৰাভাৰ প্ৰতি আমাৰ চৰকাৰৰ কৰণীয়—-

১ঃবিষ্ণুৰাভাৰ সমূহ সাহিত্য ৰাজি ডিজিটেলাইজ হ’ব লাগে।লগতে সেই সমূহ অনুবাদ হ’ব লাগে।

২ঃপ্ৰতিখন মহাবিদ্যালয়ত বিষ্ণুৰাভা সাংস্কৃতিক সমাৰোহ নামেৰে এটি কোষ থাকিব লাগে।এই কোষে অসমৰ সকলো বিলাক বিশিষ্ট লোককে সামৰি ল’ব লাগিব।

৩ঃএটাকৈ যাদুঘৰ প্ৰতিখন শিক্ষানুষ্ঠানতেই নিৰ্মাণ হওক।

৪ঃগাঁ‌ও সমূহ এটাকৈ পুথিভড়াঁ‌ল আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ হওক।

৫ঃবিশ্ববিদ্যালয় সমূহত ৰাভাদেৱৰ নামত এটাকৈ অধ্যয়ন কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰ হওক।
৬ঃপ্ৰতিখন প্ৰাথমিক বিদ্যালয়ত এটা কৈ কলাকেন্দ্ৰ গঠন হওক ৰাভাদেৱৰ নামত।

এয়া অকল বিষ্ণুৰাভাদেৱৰ ক্ষেত্ৰতেই নহয়,আমাৰ সকলো পুৰোধা ব্যক্তিৰ ক্ষেত্ৰতেই এইয়া প্ৰযোজ্য।চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক।ওপৰোক্ত কাৰ্যসমূহ আমি সকলোৱে একগোট হৈ কৰিলেহে আমাৰ উত্তৰ পুৰুষে এদিন আমাক লৈ গৌৰৱ কৰাৰ লগতে নিজক চিনি পোৱাত সহায় হ’ব।নহ’লে বিষ্ণুৰাভা দিৱসৰ কোনো প্ৰাসংগিকতা নাথাকিব।

সহায়ক গ্ৰন্থপঞ্জী–

ফেৰেংগাদাওঃ মেদিনী চৌধুৰী

বিষ্ণুৰাভাৰ আত্মগোপনঃভবিন ৰাভা

হেমৰাজ ৰাভাদেৱৰ ভাষ্য

ফোনঃ ৮৬৩৮১৪৩৮১৫

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *