তুমি গুৰু কলাগুৰু

Spread the love

প্ৰশান্ত কুমাৰ চুতীয়া


(১)
বিষ্ণুৰাভা-তুমি গুৰু কলা গুৰু
তুমিয়েচোন জীৱন্ত কলা।
হালোৱা,হজুৱা,মজদুৰ বণুৱাৰ
শ্ৰমজীৱি জনতাৰ জীৱন গাঁঠাৰ বিপ্লৱী সত্তা
(২)
তুমি কৈছিলা বিষ্ণুৰাভা
তই যিয়েই নহৱ,তই কিন্তু,আমাৰ মাজৰ
এটা অসমীয়া।
আমি সকলো অসমীয়া।
তোৰ পৰিচয়-অসমীয়া বুলিহে–লুইতৰ পাৰৰ মানুহে জানে।
(৩)
ক’ত বিষ্ণুৰাভা-ক’ত
লুইতৰ পাৰৰ মানুহে নাজানে আজি
অসমীয়া কোন?
সংজ্ঞা বিচাৰি হাহাকাৰ বিষ্ণুৰাভা হাহাকাৰ
শাসক-শোষকৰ বঞ্চনা,বিতাড়ণ বিভাজনত
আজি ভাগ ভাগ তোমাৰ পৈতৃক বাগিচাৰ
মজদুৰ, চহা বণুৱা
(৪)
বিষ্ণুৰাভা-
হালোৱা, হজুৱা,মজদুৰ বণুৱা
আমিবোৰ আজিও অসমীয়া
শ্ৰমেৰে,ভাষাৰে সংস্কৃতিৰে
মহাজনবোৰেচোন ! অসমীয়া হৈ থাকিবলৈ
নিদিয়ে অ বিষ্ণুৰাভা।
(৫)
বিষ্ণুৰাভা-
তেজপিয়া শোষকৰ বাবে বিপ্লৱ -অপৰাধ নেকি?
বিষাক্ত নেকি?জীৱনৰ ন্যায্যতাৰ গান।
শোষিত,নিপীড়িত বণুৱাৰ মুুকুতিৰ গান।
লৌহ শিকলি পিন্ধি
তুমিয়েটো গৈছিলা মুক্তিৰ ধ্বজা উৰুৱাই।
(৬)
বিষ্ণুৰাভা-
কিমান কঠিন আছিল-কাৰাগাৰৰ শিকলিবোৰ?
কিমান ভোকাতুৰ আছিল –
তোমাক অপৰাধী সজোৱা দেশপ্ৰেমীকবোৰ?
মজদুৰ বণুৱাৰ শোষণপৃষ্ট হাতুৰিৰ কোবত
ছন্দিত হৈছিল নেকি? সুৰৰ দেউলৰে- – ।
(৭)
বিষ্ণুৰাভা-
শত-শত জনতাৰ,সৰ্বহাৰাৰ হাহাকাৰ
গৰজি উঠা,গোৱা আকৌ বিপ্লৱৰ গান।
বণুৱা কৃষকৰ গনমুক্তি বাহিনী
গোৱা-বিজয়ৰ জয় গান,পঞ্চায়তীৰ অভিযান।
(৮)
কমৰেড্‌ বিষ্ণুৰাভা-
বাৰুদে জানো বিপ্লৱ আনে?বিপ্লৱী !
জমিদাৰ হৈও তুমি পুঁজিপতি নহয়
গেৰুৱা বসন নিপিন্ধাকৈ-অঘৰী সন্যাসী।
বাৰুদৰ তুলিকাৰে চিত্ৰকৰ তুমি
সৰ্বহাৰাৰ নায়ক-তাণ্ডৱ শিল্পী।
(৯)
‘মিছিং কনেং’
হেৰৌ,তহঁতে নাজাননে?
তহঁত মিৰিহঁতে এই কুঁৱাটো চুলে -চুৱা যায় বুলি।
ছে: ছে: খালি খালি
দপ্‌-দপ্‌কৈ জ্বলি উঠে কুমাঙৰ বুকু।
ছি: জাতিৰ নামত বজ্জাতি
বুকু ছমছমায় যায় অ বিষ্ণুৰাভা।
(১০)
জাতীয় নায়ক বিষ্ণুৰাভা-
কিয় বাৰে বাৰে জাতিৰ নামত চুৰি-ডকাইতিৰ খেল?
বজ্জতৰ দলে পাতে না-না জালিয়াতীৰ মেল।
জ্বলিছে আপোন তোৰ বড়ো ভাই তিৱা লালুং
মৰিছে চুতীয়া,কোঁছ হাঁহিছে কুটুম
গান্ধীৰ পূজাৰী সৱ বেপাৰী দেখুন।
(১১)
বিষ্ণুৰাভা-
তোমাক -বিপ্লৱী,কমিউনিষ্ট,সৈনিক শিল্পী বুলি ক’লে-
কিয়? উন্মাদ হৈ উঠে-ধনৰাজী,দগাবাজী মস্তিস্কহীন চেতনাবোৰ।কিয়?
সিহঁতে ভয় কৰে নেকি?
তোমাৰ ডাছ কেপিটেলৰ সপোনবোৰ।
(১২)
বিষ্ণুৰাভা-
মুক্তিৰ দেউলত ৰূপোৱালী নহলচোন
গনৰাজ- পঞ্চায়ত।
কাৰখানাৰ চিটিৰ হুমুনিয়াহবোৰ
কলৰ ঘৰ-ঘৰণি বুকু কপোৱা শব্দবোৰ
আজিও একে থাকিল।-একে থাকিল
দেশপ্ৰেমী তেজপিয়া,বেপাৰী শোষক বিধাতাবোৰ।
(১৩)
ভুজলুং কাকা-বিষ্ণুৰাভা
জয়মতী,মনোমতী বাজি উঠে
প্ৰতিধ্বনি-এৰাবাটৰ সুৰ
মাহুত বন্ধুৰে
বজ্ৰনিনাদিত তুমি জনতাৰ বন্ধু।
(১৪)
বিষ্ণুৰাভা-
জীৱন লালসা,চিফুং বাঁহীৰ মূৰ্চণাত
সোনপাহিলৈ লিখিছিলা নেকি? একাঙ্কিকা চিঠি!
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা—।
(১৫)
বিষ্ণুৰাভা-
শুনোতাই বুজেনে?বুজোতাই শুনেনে?
জনতাৰ হিয়াভগা মুকুতিৰ গান।
এবেলা ধৰ্ম-এবেলা জাতি
দিনত দল ৰাতি নাম সলায়
ভোকত উত্তাৱল হৈ পৰে জমিদাৰী লালসা।
হেঁচা-ঠেলাত প্ৰজাঘৰত হেৰায় “মামীৰ হাৰ”।
(১৬)
বিষ্ণুৰাভা-
আমি কব নোৱাৰো,কান্দিব নোৱাৰো চিঞৰিব নোৱাৰো
কাটি-কূটি ডোখৰা ডোখৰ কৰে
কামিহাড়ৰ তলৰ তেজ লগা মাটি-ভেঁটি।
মুকুতিৰ পদুলীত উলমি ৰয় -হুমুনিয়াহ।
এবাৰ কপালক-এবাৰ ঈশ্বৰক দোষ দি
আমি খুপিখুপি খহি পৰো শোষকৰ দেওশালত।
(১৭)
ৰাইজে ফূৰ্তি কৰক ।
কালিলৈ মৃত্যু দিৱস পাতিব পাৰিব।
২০ জুন ১৯৬৯ ।
তাক ভালকৈ শুবলৈ দিয়া;
এতিয়া নজগাবা মোহিনী।
নিস্তব্ধ দেহাটি চুব খুজি
ভাবিছিলা নেকি মোহিনী?-লগন উকলি গ’ল—-।
অভিমান এৰি গুছি গ’ল-জনতাৰ আবৌ-বান্ধৈ
বাজি ৰ’ল কল্যাণ খৰমান।
(১৮)
বিষ্ণুৰাভা-
তুমি গুছি যোৱা দিন ধৰি
ভাগে-ভাগে চলিছে
লুইতপৰীয়া ভাষা,সংস্কৃতিৰ লহপহীয়া বেপাৰবোৰ।
ল’ক-ল’ককৈ বাঢ়িছে দেশপ্ৰেমীৰ ভোক।
দুৰ্বল,নিশকটীয়া নিশব্দ
লঘোনীয়া হাতুৰিৰ কোব।
(১৯)
বিষ্ণুৰাভা-
তুমি আকৌ আহিবা
কমৰেড্‌ হৈ ৰৈ থাকিম আমি
ৰৈ থাকিব -মনোৰমা সখী।
তুমি আহিবা —-সুৰৰ দেউলৰে
মুকুতিৰ দুৱাৰ খুলি।

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *