লক্ডাউন

Spread the love

কুলদীপ মেধি

আৰু একো বাকী নাই

ৰাতিটোক দুফাল কৰি বাঢ়ি অহা পোহৰৰ
কোনো তাপ নাই

বেৰৰ জলঙাইদি সোমাই অহা পানীখিনিৰ
কোনো পিয়াহ নাই

নৈৰ ওপৰেৰে বৈ থকা বতাহজাকৰ
কোনো দিশ নাই

জুইৰ দৰে জ্বলি আছে দেহ
পোৰা পোৰা গোন্ধাইছে হুমুনিয়াহ

সুখ নাই, দুখ নাই
কোনো গ্লানি নাই

আছে যদি কেৱল আছে
বাটৰ কাষৰ প্ৰতিজোপা গছৰ তলত
একো একোখন মৃত আকাশ।

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *