কৰ’নাই চেলেকি খাব নেকি অসমৰ লোক পৰিৱেশ্য কলা ওজাপালি, ঢুলীয়া কৃষ্টি সংস্কৃতিক

Spread the love

দিবাকৰ ৰেণু

বিশ্বত্ৰাস ক’ৰোনা ভাইৰাছৰ আতংকই মহামাৰীৰ ৰূপ লোৱাৰ সময়ত লকডাউনৰ বাবে এচাম কৃষ্টি সংস্কৃতিৰ সাধকৰ পানীত হাঁ‌হ নচৰা অৱস্থা হৈছে।

ক’ৰোনা সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ নিয়মানুসাৰে সকলো ধৰণৰ পূজা,সভা বন্ধ হোৱাৰ সমান্তৰালকৈ তাৰ লগত জড়িত মৃণ্ময় শিল্পী, পূজাৰী, দেওধনী, ঢাকুৱা , ঢুলীয়া, বেণ্ডপাৰ্টিনাগাৰাৰ লগতে বিশেষকৈ লোক পৰিৱেশ্য কলাৰ লগত জড়িত ওজাপালিৰ শিল্পী সকল বেছিকৈ আক্ৰান্ত হৈছে।কাৰণ সেই শিল্পীসকলে সমগ্ৰ বছৰটো নিজৰ কলা পৰিৱেশন কৰিয়েই জীৱন যাপন কৰে।কিন্তু বৰ্তমান সময়ত সকলো পূজা সভা অনুষ্ঠান বন্ধ হোৱাৰ পিছত,এই সকল লোকৰ পানীত হাঁ‌হ নচৰা অৱস্থা হৈছে।

অসমৰ নামনি অঞ্চলত প্ৰায় ১০০ৰো অধিক বিভিন্ন পন্থৰ ওজাপালি দল আছে।এই ওজাপালি সকলৰ নলবাৰী জিলাৰ প্ৰায় ২১ বৰপেটাৰ ২০ আৰু চিপাঝাৰ ,গোৱালপাৰাকে ধৰি বহুতো ওজাপালি দল আছে।কিন্তু ওজাপালি কৃষ্টিৰ ৰক্ষণাবেক্ষণ দি সদায় আনৰ সুখত সুখী হোৱা এই সকল শিল্পীৰ বেছিভাগেই অভাৱ অনাতনেৰে জীয়াই থকা লোক।আমি অনুসন্ধান কৰি জানিব পৰা মতে বহুতো ওজাপালি শিল্পীয়ে এই পৰিৱেশ্য কলাৰ পৰা আতৰি আন কামত নিয়োজিত হোৱাৰ কুচকাৱাজ আৰম্ভ কৰিছে।

ওজাপালি অসমৰ এক অৰ্ধ নাটকীয় পৰিবেশ্য কলা ৷ সৰ্বভাৰতীয় কথকতা পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক ওজাপালি প্ৰাচীন কালৰে পৰা অসমত এক জনপ্ৰিয় কলা হিচাপে প্ৰচলিত হৈ আহিছে। ১৯৭৪ চনত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা আৰু আনন্দমোহন ভাগৱতীৰ সহযোগত ওজাপালি ৰাষ্ট্ৰীয় কাৰ্য্যসূচীত অন্তৰ্ভুক্ত হৈছিল।

যোৱা বছৰ চ’চিয়েল মিডিয়াত এটা ওজাপালি নৃত্যৰ ভিডিঅ’ই বিশেষ বিতৰ্কৰ সৃষ্টি কৰিছিল।সেই ভিডিঅ’টোত বৰপেটা জিলাৰ নিত্যানন্দৰ পানবাৰী গাওঁৰ বিশ্বজিৎ ৰয় নামৰ ডাইনাপালী এগৰাকীয়ে এটি অসমীয়া বিহুসুৰীয়া গীত ” কপৌ পাহি তোৰে খোপাত”ওজাপালিৰ সুৰেৰে এক খুহুতীয়া ভংগিমাৰে পৰিৱেশন কৰিছিল।উক্ত ভিডিঅ’টিক লৈ বহুতে ভিন্ন ভিন্ন মন্তব্য প্ৰকাশ কৰিছিল।একাংশ ফেচবুকিয়ান ন্যায়ধীশে সেই ব্যক্তি গৰাকীকলৈ অনেক কটুক্তি কৰিছিল।কিন্তু লকডাউনৰ এই সময়চোৱাত সেই সকল শিল্পী,সেই গৰাকী বিশ্বজিৎ ৰয়ৰ খবৰ লওঁ‌তা কোনো নাই।অসমৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত সকলো শিল্পীহৈ পৰিছে এই পৰিস্থিতিৰ দ্বাৰা আক্ৰান্ত।

ভূমিহীন বহু ওজাপালি, ঢুলীয়া, দেওধনী, কালীয়া, কুশানগান , খৰাতালৰ শিল্পীয়ে এতিয়া পেটত গাঁ‌ঠি মাৰিবলগীয়া হৈছে।পৰিয়াললৈ আহিছে অহৰ্নিশে অমানিশা। উল্লেখযোগ্যযে এই আটাই বিলাক সমস্যাক নেওচা দিওঁ‌ সমাজৰ হিতৰ বাবে ক’ৰোনাৰ সজাগতাৰ বাবে এটি ওজাপালিৰ ভিডিঅ’ই পুনৰ চ’চিয়েল মিডিয়াত খলকনি তুলিছে।সেই ভিডিঅ’টো উলিয়াইছে বিশ্বজিৎ ৰায়ে।

আমি ৰচনাকৰা ক’ৰোনা সজাগতাৰ গীতটোত প্ৰাণ ঢালি গাইছে কেশৱ ডেকা ,বিশ্বজিৎ ৰয়,ৰবিন্দ্ৰ ৰয়,আৰু বীৰেন ৰাজবংশীৰ দলটিয়ে। কৃষ্টি এটিক জীয়াই ৰখাৰ স্বাৰ্থত ওজাপালি পৰিৱেশন কৰি ফুৰা এই গীতটোৰে তেওঁলোকে সমাজলৈ এটি বাৰ্তা দিব পাৰিছে। ১৯৮০-৮৫ চনৰ ভিতৰত অসমীয়া লোকগীত বা ওজাপালি আদিত সেই সময়ৰ সমাজৰ বিভিন্ন প্ৰতিচ্ছবি গীতেৰে বা সুৰেৰে প্ৰকাশ হৈছিল।জুয়ে পোৰা তিৰাশী বুলি এটা বিখ্যাত ওজাপালি গীত সেই সময়ত বহুতো লোকৰ মুখে মুখে প্ৰচাৰ হৈছিল।পৰবৰ্তী সময় শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ঘটনাৰ আলমেৰেও অনেক ওজাপালি বা লোক গীত জন্ম হৈছিল।বংগত খুদিৰাম বোস বিষয়ক যেনেদৰে অনেক লোকগীতৰ জন্ম হৈছিল,তেনেদৰে সময়ৰ দাবীতো বহুতো লোকগীতৰ জন্ম হৈছিল।

অসম সৰ্বশিক্ষা মিছনৰ আদৰ্শ,কুষ্ঠৰোগ নিবাৰণী,বাল্য বিবাহ, এন আৰ চি,কা আন্দোলন আদিৰ বিষয়কলৈও ওজাপালি গীত পৰিৱেশিত হৈ আহিছে।গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ পৰা কৃষিৰ দিহা শিতানতো ওজাপালিৰ সুৰেৰে বহু গীত পৰিৱেশন কৰা শুনা গৈছিল। নলবাৰী,পাঠশালা,বজালী,কৈহাটী জাগ্ৰা আদি অঞ্চলৰ ওজাপালি সকলে মাৰ্গীয় সুৰেৰে গীত পৰিৱেশন কৰা মাজতে কৌতুক বা খুহুতীয়া কথাৰে শ্ৰোতা দৰ্শকক মূল বিষয়ত গুৰুত্ব দিবৰ বাবে কিছুমান বিয়াগীত বা বিহুগীতক ওজাপালিৰ সুৰেৰে পৰিৱেশন কৰি আহিছে।এয়া সমাজৰহে দাবী।কিন্তু ৰাষ্ট্ৰীয় বা আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত এই ওজাপালি নিয়মানুৱৰ্তীতাৰে পৰিৱেশন কৰা হয়।

ওজাপালি কোনো অঞ্চলৰেই একক অনুষ্ঠান নহয়,এই অনুষ্ঠানটো ওড্ৰ মাগধী শৈলীৰ চৰিত্ৰৰ সৈতে মিল থকা ভাৰতীয় মাৰ্গী সংগীতৰ পৰা জন্ম হোৱা এটা পৰিৱেশ্য কলা।নলবাৰীৰ ফালে সুকবি নাৰায়ণদেৱৰ পাঞ্চালী পদগোৱা ওজাপালিয়ে ,বিশেষকৈ তিনিদিনীয়া বা সাতদিনীয়া মাৰৈ পূজাত তেখেত সকলৰ পৰম্পৰাগত পদ গোৱাৰ উপৰিও সমাজৰ পটভূমিত গঢ় লোৱা বিভিন্ন সমস্যাক অতি পাতল কথাৰে ৰূপায়ন কৰে।ই পৰিবৰ্তণমুখী।আমি সমালোচনা কৰাৰ বাবে এটা বাক্য এৰি দিব পাৰোঁ‌–কিন্তু এবাৰো নাভাবো সেই পৰিস্থিতিৰ কথা।সেইসকল শিল্পীৰ কথা,যিসকলে এই কৃষ্টিটোক জীয়াই ৰাখিছে।

যিকিনহওক,আমাৰ এই লেখাৰে কৃষ্টি,সংস্কৃতিৰ লগত জড়িত সকলো শিল্পীক চৰকাৰে সহায় কৰাৰ বাবে অনুৰোধ জনালোঁ‌–।

ফোন ঃ-৮৬৩৮১৪৩৮১৫

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *