গাহৰিৰ অস্বাভাৱিক জ্বৰ আৰু মৃত্যু

Spread the love

পশুপালকলৈ নামি আহিছে দুৰ্দশা

দ্বীপৰাজ পেগু

সমগ্ৰ বিশ্বত এতিয়া চলিছে কভিড-১৯ বা ক’ৰ’ণা ভাইৰাছৰ তাণ্ডৱ ৷ মানৱ সভ্যতালৈ মহাপ্ৰলয় নমাই অনা এই মহামাৰী ক’ৰ’ণা ভাইৰাছ বা কভিড-১৯ ৰ পৰা বিশ্ববাসীয়ে কেতিয়া মুক্ত হ’ব তাৰ নিশ্চয়তা বৰ্তমানলৈকে কোনেও দিব পৰা নাই ৷ কভিড-১৯ ৰ প্ৰতিষেধক অথবা ভেক্‌চিনো এই পৰ্যন্ত চিকিৎসা বিজ্ঞানী সকলে আৱিস্কাৰ কৰিব পৰা নাই ৷ ফলত সমগ্ৰ বিশ্ব এতিয়া   প্ৰতি নিয়ত আতংক আৰু হাহাকাৰ অৱস্থাৰ মাজেদি থাকিব লগা হৈছে ৷

সম্প্ৰতি মহামাৰী ক’ৰ’ণাৰ পৰা মানুহক ৰক্ষা কৰিবলৈ বিশ্বৰ প্ৰায়বোৰ দেশে লকডাউন ঘোষণা কৰাত সমগ্ৰ বিশ্বৰ অৰ্থনীতি কোঙা হৈ পৰিছে  আৰু দূৰ্ভিক্ষৰ কৰাল গৰাহৰ পিনে গতি কৰিছে ৷ এই   মহামাৰী ক’ৰ’ণাৰ প্ৰকোপ আমাৰ ভাৰতবৰ্ষতো তীব্ৰ গতিত বৃদ্ধি পাইছে ৷ সমগ্ৰ বিশ্বৰ দৰে  ভাৰবৰ্ষতো ইতিমধ্যে লকডাউন ঘোষণা কৰি ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে দেশ জুৰি যুদ্ধ চলাই আছে  ৷ এই প্ৰৱন্ধ যুগুত কৰাৰ সময়লৈকে ভাৰতত ক’ৰ’ণা ভাইৰাছত  আক্ৰান্তৰ সংখ্যা ২৩,৪৫২ আৰু মৃত্যুৰ সংখ্যা ৭২৩ গৰাকী ৷

আমাৰ অসমত আক্ৰান্তৰ সংখ্যা ৩৫ আৰু মৃত্যুৰ সংখ্যাা ১ ৷ 

আমাৰ দেশৰ অন্য ৰাজ্য সমূহৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলৰ  লগতে অসমত ক’ৰ’ণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বহুত কম যদিও দেশৰ অন্য ৰাজ্য সমূহ ক’ৰ’ণা ভাইৰাছৰ পৰা যেতিয়ালৈকে মুক্ত নহয় তেতিয়ালৈকে আমাৰ উত্তৰ-পূবৰ ৰাজ্য আৰু অসমেও এই ক’ৰ’ণাৰ পৰা নিৰাপদ নহয় আৰু সমগ্ৰ দেশৰ অন্য ৰাজ্য সমূহৰ  দৰে লকডাউন মানি চলিব লাগিব ৷ ফলত দেশৰ অন্য ৰাজ্য সমূহৰ দৰে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমেও  অৰ্থনীতিৰ ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হ’ব৷ 

দেশৰ অন্য ৰাজ্য সমূহৰ তুলনাত অসমৰ গ্ৰাম্য অৰ্থনীতি যথেষ্ট চহকী ৷ বাণিজ্যিক বাবে নহ’লেও অন্ততঃ নিজৰ পৰিয়ালক পোহপাল দিবলৈ অসমৰ গ্ৰামাঞ্চলৰ লোকসকল সকলো ধৰণৰ  খাদ্য সামগ্ৰী মজুত কৰি ৰখাৰ লগতে আৰ্থিকভাৱেও স্বচ্ছল হৈ থাকে ৷ পথাৰ আৰু বাৰীত নানা ধৰণৰ খেতি, নৈ-জান-জুৰি, খাল-বিল সমূহত  উভৈনদী হৈ থকা মাছ আৰু ঘৰে ঘৰে কৰা পশুপালন ব্যৱস্থাই অসমৰ গ্ৰামাঞ্চলৰ ৰাইজৰ সকলোবোৰ অভাৱ দূৰ কৰি আহিছে ৷ লকডাউনৰ পিছত যদি দেশত দূৰ্ভিক্ষই দেখা দিয়ে তেন্তে অসমত তেনে দূৰ্ভিক্ষ হোৱাৰ সম্ভাৱনা অতি কম ৷ কিন্তু আমি আমাৰ গ্ৰাম্য অৰ্থনীতিৰ উপাদানবোৰ  পৰিচৰ্যা কৰিব লাগিব আৰু প্ৰণালীবদ্ধভাৱে ইয়াক ব্যৱহাৰ কৰিব লাগিব ৷ সহজে পাইছো বুলিয়ে অপ্ৰয়োজনত এই উপাদানবোৰ ব্যৱহাৰ কৰিব নালাগে ৷


আমাৰ অসমৰ  গ্ৰাম্য অৰ্থনীতিৰ   এক শক্তিশালী  তথা লাভদায়ক  উপাদান হৈছে গাহৰি পালন ৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে গাহৰি পালনৰ জৰিয়তে জীৱিকা উপাৰ্জন কৰি আহিছে ৷ পূৰ্বে অসমৰ জনগোষ্ঠীয় লোক সকলে  গাহৰি পালন কেৱল নিজৰ পৰিয়ালৰ প্ৰয়োজনৰ কাৰণেহে   কৰিছিল আৰু ই গাঁৱতে সীমাবদ্ধ আছিল ৷ ব্যৱসায়িকভাৱে তেনে কোনো গুৰুত্ব দিয়া নাছিল ৷ 

কিন্তু সম্প্ৰতি  হোটেল, ৰেষ্টুৰা, ধাবা আদি  বিপনীবোৰ বৃদ্ধি পাই অহাৰ লগতে ৰুচি অনুযায়ী মানুহৰ খাদ্যাভাস গঢ়ি উঠাত   গাহৰি মাংসৰ চাহিদা বৃদ্ধি  পাইছে  আৰু  ইতিমধ্যে গ্ৰামাঞ্চলৰ বহু পশুপালকে গাহৰি পালনক ব্যৱসায়িক ক্ষেত্ৰলৈ পৰিণত কৰি অৰ্থনৈতিকভাৱে নিজকে টনকিয়াল কৰিবলৈ সক্ষম হৈছে ৷ আনকি নগৰ-মহানগৰবোৰতো আজি-কালি ব্যক্তিগতভাৱে আৰু ব্যৱসায়িকভাৱে ফাৰ্মসমূহত গাহৰি পালন কৰা দেখা যায় ৷

কিন্তু  অতি শেহতীয়াভাৱে গ্ৰামাঞ্চলৰ পশুপালক সকলৰ বাবে ভয়াৱহ বাৰ্তা কঢ়িয়াই আনিছে গাহৰিৰ অস্বাভাৱিক জ্বৰ আৰু  অস্বাভাৱিক মৃত্যুৱে ৷ গাহৰিৰ অস্বাভাৱিক জ্বৰ বা মৃত্যুৰ কাৰণ হিচাপে  এটি ভাইৰাছ চিহ্নিত কৰিছে পশু চিকিৎসক আৰু পশু বিজ্ঞানী সকলে ৷ এই ভাইৰাছ বা জ্বৰটোৰ নাম হৈছে গাহৰি জ্বৰ বা  ছোৱাইন ফিভাৰ ৷  (জন্তুৰ ক্ষেত্ৰত যদিওবা ভাইৰাছ শব্দটো প্ৰয়োগ সমীচিন নহয় তথাপি  সাধাৰণ ৰাইজৰ মুখত বৰকৈ ভাইৰাছ শব্দটো লাগি থকাত ইয়াত ভাইৰাছ শব্দটো প্ৰয়োগ কৰিছো ৷) ই এটা কলেৰা  ৰোগ বা ভাইৰাছ ৷

গাহৰিৰ দেহৰ পৰা গাহৰিৰ দেহলৈ অতি দ্ৰুততাৰে সংক্ৰমিত হোৱা এই কলেৰা ৰোগ বা ভাইৰাছটোৱে  কেৱল উত্তৰ অসমতে  বিগত দুমাহত  এক লাখৰো অধিক গাহৰিৰ প্ৰাণ কাঢ়ি নিছে আৰু আক্ৰান্ত কৰিছে লাখ লাখ গাহৰি ৷ ফলত গ্ৰামাঞ্চলৰ পশুপালক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ  লগতে জীৱন-জীৱিকাৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ ক’ৰ’ণা ভাইৰাছে দেশৰ লগতে অসমৰ সকলোধৰণৰ আৰ্থিক উপাদানবোৰত প্ৰতিবন্ধকতা সৃষ্টি কৰাৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলত গাহৰি জ্বৰৰ প্ৰাৰ্দূভাৱে গ্ৰাম্য অৰ্থনীতিত  কুঠাৰঘাট কৰিছে ৷ 


 গাহৰি জ্বৰ বা ছোৱাইন ফিভাৰ সম্পৰ্কত প্ৰথমে কোনেও গম পোৱা নাছিল ৷ কিন্তু উত্তৰ অসমত অস্বাভাৱিক হাৰত গাহৰিৰ মৃত্যু আৰু আক্ৰান্তই ইয়াৰ পশুপালক আৰু পশু চিকিৎসক সকলক চিন্তিত কৰি তোলে ৷ বিশেষকৈ ধেমাজি জিলাত গাহৰিৰ অস্বাভাৱিক মৃত্যুৱে ধেমাজি জিলা  পশুপালন বিভাগ আৰু পশু চিকিৎসক সকলক গভীৰভাৱে ৰেখাপাত কৰে ৷

গাহৰি সমূহৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্‌ঘাটন কৰিবলৈ ধেমাজি জিলা পশুপালন বিভাগ আৰু পশু চিকিৎসা বিভাগে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ কাষ চাপে আৰু গাহৰিৰ মৃত্যু সন্দৰ্ভত অনুসন্ধান তথা গৱেষণা কৰিবলৈ অনুৰোধ জনায় ৷

লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানী আৰু গবেষক ছাত্ৰ-ছাত্ৰী  সকলে জ্বৰত আক্ৰান্ত গাহৰি আৰু মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে ৷ এই  পৰীক্ষাৰ অন্তত প্ৰমাণিত হয় যে মৃত আৰু আক্ৰান্ত হোৱা গাহৰিবোৰ ‘পেষ্ট’ৰিলা মাল্ট’চিদা (Pasteorella Maltocida) নামৰ বেক্টেৰিয়া  ৰোগত আক্ৰান্ত হৈছে আৰু এই ৰোগতে মৃত্যুমুখত পৰিছে ৷ উক্ত পৰীক্ষাৰ ফলাফলৰ দ্বাৰা এইটো প্ৰমাণিত হৈছে যে এই ৰোগবিধ অতিকৈ সংক্ৰামক ৷ 

সময়মতে চিকিৎসা নকৰিলে ২৪ ঘন্টাৰ ভিতৰতে একোটা গাহৰি মৃত্যুমুখত পৰিব  পাৰে ৷ 
উল্লেখনীয় যে, সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন প্ৰজাতিৰ প্ৰায় ১ কোটি ২৯ হাজাৰ পোহনীয়া গাহৰি আছে ৷ তাৰে ভিতৰত কেৱল আমাৰ অসমত ১০ লাখ ৬৩ হাজাৰ পোহনীয়া গাহৰি আছে আৰু এই গাহৰিবোৰে হৈছে পশুপালক সকলৰ লাভদায়ক ব্যৱসায় আৰু জীৱন জীৱিকাৰ সম্বল ৷ দেশৰ ভিতৰতে অসম শতকৰা হাৰত ১৫.৮৯ শতাংশ গাহৰি আছে ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত দেশৰ ভিতৰত শতকৰা হাৰ ৩৮.৪২ শতাংশ৷

এই পৰিসংখ্যাৰ পৰা বুজিব পাৰি যে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত গাহৰিৰ চাহিদা কিমান আৰু গাহৰি পালনৰ বৃত্তিত কিমান লোক জৰিত হৈ  আছে ৷ এনে পৰিসংখ্যাই এইটো স্পষ্ট কৰিছে যে সাম্প্ৰতিক সময়ত  লাখ লাখ গাহৰিৰ মৃত্যুৱে অসমৰ গাঁৱৰ কৃষিজীৱি ৰাইজ আৰু পশুপালক সকলক চৰম দুৰ্দশাৰ মাজলৈ ঠেলি দিছে আৰু অনাগত দিনত এক অন্ধকাৰ ভৱিষ্যতৰ ফালে লৈ গৈ আছে ৷ 


পৰিতাপৰ বিষয় যে এই গাহৰি জ্বৰ বা ছোৱাইন ফিভাৰ বা ভাইৰাছ  নিৰাময়ত পশু চিকিৎসকৰ ভেক্‌চিনেও বহুক্ষেত্ৰত কামত অহা নাই ৷ ভেক্‌চিন দিয়াৰ ফলত বহুকেইটা গাহৰি সুস্থ হৈ উঠিলেও বহুকেইটা গাহৰি ভেক্‌চিন দিয়াৰ পিছতো মৃত্যু মুখত পৰিছে ৷ ইয়াৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে আমাৰ জনসাধাৰণ আৰু পশুপালক সকলৰ সচেতনতাৰ অভাৱ আৰু সময়োপযোগী সিদ্ধান্ত লোৱাত কৰা অৱহেলাক ৷

আমাৰ বহুতে  চিকিৎসাৰ ক্ষেত্ৰতে সজাগ নহয় ৷ যিকোনো  বেমাৰ বা ৰোগৰ প্ৰাথমিক অৱস্থাত  আমি কেতিয়াও সময়মতে চিকিৎসা নকৰোঁ আৰু চিকিৎসকৰ পৰামৰ্শ নলওঁ ৷ যেতিয়া বেমাৰে একোজন ব্যক্তিক  সংকটৰ মুখলৈ ঠেলি দিয়ে তেতিয়া আমি চিকিৎসাৰ কথা চিন্তা কৰো আৰু চিকিৎসালয়লৈ যাওঁ ৷ ফলত একোগৰাকী ৰোগীক নিৰোগী কৰা  তথা বচাই ৰখা সম্ভৱ  নোহোৱা হৈ পৰে  আৰু ৰোগী জনৰ জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰশ্নবোধকৰ সৃষ্টি হয় ৷ পোহনীয়া জীৱ-জন্তুৰ ক্ষেত্ৰতো আমাৰ মানুহে  এই একেই কামকে কৰে ৷  শেহতীয়া গাহৰি জ্বৰৰ ক্ষেত্ৰতো আমি এনে বহু ঘটনা প্ৰত্যক্ষ কৰিছো ৷  বেমাৰত আক্ৰান্ত গাহৰিক প্ৰাথমিক অৱস্থাতে চিকিৎসা নকৰি অন্তিম পৰ্যায়ত চিকিৎসা কৰে ৷ ফলত গাহৰিবোৰ বাচি থকাৰ আশা একেবাৰে কমি যায় ৷ বহুকেইটা গাহৰি আকৌ বিনা চিকিৎসাতে মৃত্যু হৈছে ৷

অৱশ্যে আমাৰ অসমত পশু চিকিৎকৰ যথেষ্ট অভাৱ আছে আৰু ইয়াৰ কাৰণেও পশু পালক সকলে সময় মতে চিকিৎসক পাব নোৱাৰা হয় ৷
সম্প্ৰতি মহামাৰীৰ ৰূপ লোৱা গাহৰি ভাইৰাছ কি, ই কি দৰে সংক্ৰমণ হৈ আৰু ইয়াৰ চিকিৎসা পদ্ধতি আছেনে ? এই বিষয়ে  জানিবলৈ আমি গোগামুখ ৰাজ্যিক পশু চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ অনিল কুমাৰ পেগুৰ ওচৰ চাপিছিলো ৷ তেওঁ আমাক এই ৰোগৰ লক্ষণ সম্পৰ্কত কয়- ‘ এই ৰোগ বা ভাইৰাছৰ লক্ষণ সমূহ দুই দিনৰ পৰা সাত দিনৰ ভিতৰত দেখা দিয়ে ৷

জ্বৰত আক্ৰান্ত গাহৰিবোৰৰ অতিপাত জ্বৰ, অচেতন হৈ, খোৱা-বোৱাত ৰুচিহীন, উশাহ-নিশাহত কষ্ট, বমি পেটচলা, দুৰ্বল হৈ থিয় দিব নোৱাৰা, কাণ-মুখ বা ভৰি, কৰঙণৰ ওচৰত ৰঙা-নীলা ৰঙৰ চেঁকুৰা দেখা দিয়ে ৷ মৰণোত্তৰ কৰিলে দেখা যায়- বৃহদণ্ডত বুটাম আকৃতিৰ ঘাঁ আৰু বৃক্কৰ ওপৰ ভাগত ফুট ফুট তেজৰ কণিকা আৰু ফাইব্ৰ মেডুলাৰী অংশত তেজ গোট মৰা লক্ষণ দেখা দিয়ে ৷  তেওঁ জানিবলৈ দিয়া মতে এই ৰোগ বা ভাইৰাছ সংক্ৰামক ৷  ই সহজে জ্বৰত আক্ৰান্ত গাহৰিৰ দেহৰ পৰা আন নিৰোগী গাহৰিৰ দেহলৈ  প্ৰত্যক্ষ সংস্পৰ্শত বিয়পি পৰে ৷ বেমাৰী গাহৰিৰ নাক-মুখৰ বিজল, প্ৰসাৱ-পায়খানা, মাংস আদিৰ পৰা সংক্ৰমণ হ’ব পাৰে ৷  ফ’মাইট্‌ অৰ্থাৎ গাড়ী, সা-সজুঁলী, বাচন-বৰ্তন, সাজ-পোছাকৰ পৰাও এই ভাইৰাছ সংক্ৰমণ হ’ব পাৰে ৷ 

আমাৰ বহু অঞ্চলত কেতিয়াবা বেমাৰত আক্ৰান্ত বা বেমাৰত মৃত্যু হোৱা গাহৰি কাটি বিক্ৰী কৰে ৷ তেনেবোৰ মাংস কেতিয়াবা গ্ৰাহকে নাজানি কিনি খায় ৷ গ্ৰাহকে মাংস কিনি লৈ অনা পলিথিন বা বেগবোৰ য’তে-ত’তে পেলোৱা, মাংস ধোৱা অপৰিস্কাৰ পানীবোৰ গাহৰিৰ দানাত বা পানীবোৰ য’তে-ত’তে পেলোৱাৰ ফলতো এই ৰোগ দ্ৰুতগতিত বিয়পি পৰে ৷ একেদৰে ৰোগত মৃত্যু হোৱা গাহৰিবোৰ ওচৰৰ নদী, পুখুৰী, নলা আদিত পেলোৱাৰ ফলতো এই ৰোগ সংক্ৰমিত হয় ৷ কিছুমান লোকে মৰা গাহৰি মাটিত পোতে , কিন্তু দকৈ নুপোতাৰ ফলত  কুকুুুৰ বা যিকোনো মাংসভোজি প্ৰাণীয়ে ইয়াক খান্দি উলিয়াই খাই আৰু ইও এই বীজাণু বিয়পাই দিয়াত সহায় কৰে ৷

ভয়ংকৰ এই ৰোগ বা ভাইৰাছৰ চিকিৎসা সন্দৰ্ভত তেওঁ কয়-   গাহৰিৰ এই ৰোগ বা ভাইৰাছ  চিকিৎসাৰ জৰিয়তে নাইকিয়া কৰিব বা প্ৰতিৰোধ কৰিব পাৰ যায়৷ এই ৰোগত আক্ৰান্ত গাহৰিক সময় মতে ছিটাকৰণ কৰিলে গাহৰিটো  নিৰোগী কৰি তুলিব পৰা যায় ৷ এই ৰোগ যিহেতু ভাইৰাছ জনিত ৰোগ এইয়ে এন্টিবায়টিক ছিটাই কাম নকৰে ৷ কিন্তু গৌণ বেক্টেৰিয়াৰ আক্ৰমণ, ৰোগী গাহৰিৰ আনুসাংগিক শৰীৰৰ অৱস্থালৈ চাই কিছু ঔষধ প্ৰয়োগ কৰি শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা যায় বা এই ৰোগৰ পৰা হাত সাৰিব পৰা যায় বুলি তেওঁ আমাক জানিবলৈ দিছে’ ৷


অৱশ্যে  বহু ৰোগ বা ভাইৰাছৰ ক্ষেত্ৰত স্হান-কাল আৰু পৰিৱেশ অনুযায়ী সুকীয়া সুকীয়া হোৱা দেখা যায় ৷ এই লেখকে পোৱা বাস্তৱ অভিজ্ঞতাই তাকে প্ৰমাণ কৰে ৷ পশু চিকিৎসক বা পশু বিজ্ঞানী সকলে পোৱা গাহৰিৰ ৰোগ বা ভাইৰাছৰ লক্ষণ সমূহৰ উপৰি এই ৰোগত আক্ৰান্ত গাহৰিৰ  আন কেবাটাও লক্ষণ দেখা দিছে ৷ বহু অঞ্চলত বহুকেইটা গাহৰি ৰোগৰ আগতীয়া লক্ষণ নোহোৱাকৈ সুস্থ-সবল অৱস্থাতে ঢলি পৰি মৰিছে ৷

কিছুমান গাহৰিৰ শৰীৰত ঘাঁ, চকুত ৰঙা পৰা, কাণত ফুট ফুট হৈ ক্ৰমান্বয়ে ঘাঁ হোৱা, খজুৱতি হৈ ঘাঁ হৈ পৰাৰ পিছত গাহৰিবোৰৰ মৃত্যু হোৱাও দেখা গৈছে ৷  সম্ভৱত এই লক্ষণবোৰে মূল ভাইৰাছৰ উপসৰ্গ হিচাপে কাম কৰিছে আৰু উপসৰ্গসমূহেও গাহৰিৰ মৃত্যুত অৰিহণা যোগাইছে ৷  এনেক্ষেত্ৰত বিজ্ঞানী আৰু পশু চিকিৎসক সকলে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি এই অঞ্চল সমূহত আক্ৰান্ত  বা মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিব লাগে আৰু অধিক গৱেষণা কৰি এই ভাইৰাছৰ নিৰ্মূল কৰাৰ পদক্ষেপ ল’ব লাগে ৷ ইয়াৰ অন্যথা  পশুপালক সকলৰ দুৰৱস্থা অতি নিৰ্মম হ’ব আৰু   গ্ৰাম্য অৰ্থনীতিৰ পৰিকাঠামো ভাঙি পৰিব৷ 

গাহৰি জ্বৰ বা ছোৱাইন ফিভাৰ মানৱ দেহলৈ পোনপটীয়াকৈ সংক্ৰমিত নহয় ৷ কিন্তু এই জ্বৰত আক্ৰান্ত বা মৃত  গাহৰি খালে মানৱ শৰীৰত ভিন্ন অচিন ৰোগে দেখা দিব পাৰে ৷ জ্বৰত আক্ৰান্ত বা মৃত গাহৰিৰ দুৰ্গন্ধৰ পৰাও মানৱ দেহলৈ ৰোগ বিয়পিব পাৰে ৷ এনেক্ষেত্ৰত পশুপালক সকলে অতি সাৱধান হৈ থকা ভাল ৷ মৃত গাহৰি সমূহ নিৰ্দিষ্ট দূৰত্বত পুতিব লাগে আৰু পোতাৰ পিছত বীজাণু নাশক ঔষধ ঢালিব লাগে ৷

জ্বৰত আক্ৰান্ত গাহৰি সমূহ পৰিস্কাৰ-পৰিছন্নতাৰেে ৰাখি উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লগতে সুস্থ গাহৰিবোৰ জ্বৰত আক্ৰান্ত গাহৰিৰ পৰা দূৰত ৰাখিব লাগে ৷ তেতিয়া গাহৰি বোৰৰ লগতে মানৱ দেহৰো ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকিব ৷


 আমি সকলোৱে অৱগত যে কভিড-১৯ ৰ পৰা বাচিবৰ বাবে আমাৰ ওপৰত থকা-খোৱা, চাল-চলন আৰু পৰিস্কাৰ পৰিছন্নতাৰ ওপৰত চৰকাৰে কিছুমান নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ কিন্তু আমাৰ সমাজৰে বহুতে এই নিৰ্দেশনা মানি চলা নাই ৷

গাঁৱে গাঁৱে অবাধ গতিত এতিয়াও  চলি আছে  বিভিন্ন পোহনীয়া জীৱ-জন্তুৰ মাংস কিনা-বেচা ৷ এই জীৱ-জন্তুবোৰ স্বাস্থ্য সন্মত হয়নে নহয় অথবা মানুহে খোৱাৰ  উপযোগী হয়নে নহয় তাক চিকিৎসকৰ দ্বাৰা পৰামৰ্শ নোলোৱাকৈ গোপনে চলি আছে এনেবোৰ মাংসৰ বজাৰ ৷  আমি মনত ৰখা ভাল যে একো একোটা ভাইৰাছ  একো একোটা সুপ্ত আগ্নেয়গিৰিৰ দৰে ৷ সুপ্ত  আগ্নেয়গিৰিয়ে যি দৰে পৰিৱেশ-পৰিস্হিতি সাপেক্ষে উদ্গীৰণ হৈ ঠিক এইদৰে শ শ বছৰ পুৰণি সুপ্ত ভাইৰাছেও  পৰিস্থিতি অনুকুল সাপেক্ষে বা সুবিধা পালে জাগ্ৰত হ’ব পাৰে ৷

সমগ্ৰ বিশ্বৰ অধিকাংশ ভাইৰাছ জন্তু আৰু চৰাইৰ পৰাই মানৱ দেশলৈ সংক্ৰমণ ঘটিছে আৰু মানুহৰ ভুলৰ বাবেই যে সংক্ৰমিত হৈছে ইও বাৰে বাৰে প্ৰমাণিত হৈ আহিছে ৷ ১৯১৮ চনৰ স্পেনিছ ফ্লু তাৰেই এক অন্যতম উদাহৰণ ৷ ১৯১৮ চনৰ পৰা আৰম্ভ হোৱা এই মহামাৰি ভাইৰাছ ১৯২০ চনলৈ অব্যাহত আছিল ৷ এই মহামাৰীত প্ৰায় ৫০ মিলিয়ন লোক মৃত্যু হৈছিল আৰু আক্ৰান্ত হৈছিল প্ৰায় ৫০০ মিলিয়ন লোক ৷  এইবিধ ভাইৰাছ আছিল ষ্ট্ৰেইন এইচ ১ এন ১ ৷

ভেটেনেৰিয়ান তথা গৱেষক জে এছ ক’ৱেন আৰু গৱেষক ৰিকাৰ্ড শ্বপ’ৰ গৱেষণাত এইটো স্পষ্ট হৈছে যে মহামাৰী স্পেনিছ ফ্লু গাহৰিৰ পৰা মানৱ দেহলৈ সংক্ৰমিত হৈছিল ৷ গাহৰিৰ তেজৰ নমুনা আৰু মানুহৰ তেজৰ নমুনা পৰীক্ষা কৰি তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছিল ৷ এই ফ্লু ইমানেই ভয়াৱহ আছিল যে অতি কম দিনৰ ভিতৰতে  সমগ্ৰ বিশ্বত বিয়পি পৰিছিল আৰু মানৱ জাতিৰ সৰ্বাধিক ক্ষতিকাৰক ভাইৰাছ ৰূপে পৰিগণিত হৈছে ৷

আজিৰ ক’ৰ’ণা ভাইৰাছতকৈ স্পেনিছ ফ্লু আছিল  অধিক ভয়ংকৰ ৷ স্পেনিছ ফ্লুৰ অধিকাংশ চৰিত্ৰ ক’ৰ’ণা ভাইৰাছৰ লগত সম্পৰ্ক ওচৰা-ওচৰি ৷ মুৰ ঘুৰণি, শুকান কা, টোপনি নহা, ভোগ নলগা, তীব্ৰ জ্বৰ৷ থু-খেকাৰৰ পৰা এই ভাইৰাছ অতি দ্ৰুতগতিত সংক্ৰমিত হৈছিল ৷ এনেক্ষেত্ৰত আমাৰ দেশৰ লগতে অসমৰ সকলো শ্ৰেণীৰ লোকে জীৱ-জন্তু পালন কৰাৰ সমান্তৰালভাৱে জীৱ-জন্তুৰ পৰা ল’বলগা সাৱধানতাবোৰে নিয়মিতভাৱে ল’ব লাগে ৷ কেৱল গাহৰিৰ পৰা বুলিয়ে নহয় যিকোনো জন্তু বা চৰাইৰ পৰা মাৰাত্মক ভাইৰাছ মানৱ শৰীৰলৈ সংক্ৰমিত হ’ব পাৰে ৷

ফোনঃ ৮১৩৫৯৪৫৩০১

মেইলঃ [email protected]

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *