কুম্ভিলক বৃত্তি (Plagiarism)

Spread the love

দিবাকৰ ৰেণু

সাহিত্যৰ ৰচনাৰ ক্ষেত্ৰত সততে আলোচিত এটা কথা হ’ল কুম্ভিলক বৃত্তি।আপুনি অতি কষ্টৰে লিখা আপোনাৰ মনোভাবক সাহিত্যৰ ৰূপ দি বৰ্ত্তমাণৰ যিকোনো মাধ্যমতেই প্ৰচাৰৰ বাবে প্ৰকাশ কৰে।কিন্তু এচাম চোৰে গোপনে আপোনাৰ সেই লেখাটো আন এক মাধ্যমত নিজৰ নামত প্ৰকাশ কৰি বাঃ বাঃ লয়।কুম্ভিলক সকলে বহুত ধৰণে আপোনাৰ লেখা চোৰ কৰিব পাৰে—

১ঃভাষা সলনি কৰি অৰ্থাৎ অনুবাদ মাধ্যমেৰে।অসমীয়া কবিতা এটা পশ্চিমবংগৰ অসমীয়া জনা বাঙালী লেখকে নিজৰ ভাষাত অনুবাদ কৰি সেই অঞ্চলৰ আলোচনী বা কাকতত প্ৰকাশ কৰিলে আপুনি কি ভূ পাব।ঠিক সেই কথাটো ওলোটাকৈ ভাবিবও পাৰি।মুঠতে লেখা এটা প্ৰকাশৰ বাবে,যেতিয়া যিকোনো মাধ্যম,বিশেষকৈ চ’চিয়েল মেডিয়াত প্ৰকাশ হয়।এচামে ধামাধূম নকল কৰাত লাগি যায়।

২ঃভাব বস্তু ৰ অলপ সালসলনি কৰি চোৰে চুৰ কৰিব পাৰে আপোনাৰ লেখা।

৩ঃবাক্যৰ গাঁ‌ঠনি আৰু শব্দ আৰু মাজে মাজে দুই এটা নিজৰ অভিমত দি কুম্ভলিকে নকল কৰিব পাৰে।

কুম্ভলিক সকল আচলতে কোনো লেখক বা সাহিত্যিক নহয়।তেওঁলোক হ’ল সাংঘাতিক সুবিধাবাদী। তেওঁলোকৰ আশ্ৰয়স্থল হ’ল —-হোৱাটচ এপ গ্ৰুপ, ফেইচবুক আৰু পুৰণি কাকত বা আলোচনী। গ্ৰুপ বিলাকত অতি সংগোপনে তেওঁলোকে নিজক সোমোৱাই ৰাখে আৰু তাত প্ৰকাশিত হৈ থকা লেখা সমূহ অতি কৌশলতাৰে লৈ গৈ নিজৰ নামত যিকোনো মাধ্যমত প্ৰকাশ কৰিব।ফেচবুকত তেওঁলোকৰ অবাধ বিচৰণ।তেওঁলোকক বাধা দিওতা কোনো নাই।

যিকোনো এটা লেখা পালেই হ’ল।কিবাকৈ ডিঙিটো ভৰিৰ লগত জোৰা লগাইও নিজৰ নামত প্ৰকাশ কৰিব।কেতিয়াবা আপোনাৰ বহুত ভাল লেখা এটা, আপুনি এজন জ্যেষ্ঠক চাবলৈ দিলে।জ্যেষ্ঠজনে সেই লেখাটো হেৰাই যোৱা বুলি কেইদিনমান ৰাখি থৈ নিজৰ নামত প্ৰকাশ কৰিলে।আচলতে কুম্ভিলক সকল অত্যন্ত চতুৰ।তেওঁলোকৰ লগত কোনো তৰ্কবাদেই নহয়।সেয়ে নিজেই সাৱধান হোৱা উচিত।


প্ৰকৃত লেখাকে নিজৰ লেখাত আন কাৰোৱাৰ সামান্য বৰঙনি থাকিলেও উল্লেখ কৰে।তথ্য সংগ্ৰহ কৰিলেও জনাই কিন্তু এওঁ‌লোকে সেইয়াও স্বীকাৰ নকৰে।অসমৰ বহু নৱীন কবিৰ কবিতাৰে বহুতো যশস্বী কবিৰ জন্ম হৈছে। তেওঁলোকৰ কেচামালেৰেই আন আন কবিয়ে কবিতাৰ জন্ম দিছে।সেয়ে যিকোনো লেখা কাকত আলোচনীত নিদিয়াকৈ গৰমে গৰমে ফেইচবুক বা হোৱাটচ এপ গ্ৰুপ বিলাকত দিব নালাগে।এই সাধাৰণ সাৱধানতাহে।কুম্ভিলক সকলৰ পৰা কোনেও ৰক্ষা নাপায়।যেতিয়ালৈকে কুম্ভিলক বৃত্তিটো এটা ভয়ংকৰ অপৰাধ বুলি তেওঁলোকৰ মনত এক ধাৰণা জন্ম নহ’ব,তেতিয়ালৈকে সাহিত্যত এচাম দানৱ আহিয়েই থাকিব।কিন্তু কাৰোৱাৰ ভয়ত সাহিত্য সৃষ্টি বন্ধ হ’ব জানো ?

কুম্ভিলকতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনে কঠোৰ সিদ্ধান্ত লৈছে।আপোনাৰ লেখা যদি কোনোৱেই আপোনাৰ অনুমতি নোলোৱাকৈ অনুবাদ বা নকল বা উক্ত গ্ৰন্থৰ যিকোনো তথ্য আহৰণ কৰে তেন্তে তেওঁ দোষী সাৱ্যস্ত হয়।কিন্তু সাহিত্যিক সকল হ'ল সৰল,তেওঁলোকে কোৰ্ট কাচাৰী যাবলৈ নিবিচাৰে।যিকিনহওক,সাহিত্য চৰ্চা কৰা সকলে সদায় সাৱধানতাৰে লিখা মেলা কৰা উচিত।সৎ হ'লেই নহ'ব সাৱধানো হ'ব লাগিব।

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *