দেউতাৰ চাইকেল

Spread the love

নিভাৰাণী চৌধুৰী

এখন চাইকেল আছিল দেউতাৰ
আওপুৰণি
মৰমৰ
পুৰণি যদিও দেউতাই সযতনে ৰাখিছিল চাইকেলখন
শিশু এটিৰ দৰে আপদাল ধৰিছিল চাইকেলখনৰ

সেইখন আছিল দেউতাৰ সাৰথি
দোকান,বজাৰ,বস্তি,কাৰখানা,অফিচ
ক’লৈ যোৱা নাছিল চাইকেলখন
কেতিয়াবা এবোজা বস্তু বান্ধি
দেউতাই টানি টানি নিছিল চাইকেলখন
দেউতাৰ ডিঙিৰ শিৰ ফুলি উঠিছিল
উশাহ ঘন হৈছিল
তথাপি চাইকেলখনে দেউতাৰ বিশ্বাস ভঙা নাছিল।

দেউতাৰ দৰেই আমাৰো আছিল সন্মানৰ চাইকেলখন

কাৰণ ভোকৰ ভাত পিন্ধা কাপোৰ
সেই চাইকেলেইতো আনিছিল ঘৰলৈ
দেউতালৈ বাট চাই থকা
কেইযোৰমান নিস্তেজ চকু চিকমিকাই উঠিছিল
চাইকেলৰ বেলৰ টিলিং টিলিং শব্দত–

দেউতা ঘৰলৈ আহিলে
চাইকেলে তাৰ বৃদ্ধ কণ্ঠৰে
জনায় আগলি বতৰা

প্ৰতিদিন মৌনহৈও সদায় হাহাকাৰ কৰি থকা
আমাৰ ওঁ‌ঠ বোৰ
চাইকেলে দেখিছিল

বৃদ্ধ দেউতাৰ সৈতে এদিন চাইকেলো বৃদ্ধ হ’ল

তথাপিও চাইকেল ৰৈ থকা নাছিল,
নতুনকৈ চাইকেল চলোৱাৰ তালিম লৈছিলো
দেউতাৰ সেই চাইকেলখনতেই
সকলোৰে অজ্ঞাতে
হাফ পেডেল,ফুল পেডেল মাৰি মাৰি
আগবাঢ়ি গৈছিলো দূৰলৈ বহু দূৰলৈ ……
এনেকৈ
এদিন —–
ক’ত হেৰাল দেউতাৰ চাইকেলখন
ক’ত!
দেউতা নোহোৱা হোৱাৰেপৰা
দেউতাৰ চাইকেলখনো এলাগী হ’ল
ভঁৰালৰ তলত পৰি ৰ’ল
দেউতাৰ অভিন্ন বন্ধু আন এগৰাকী নিষ্প্ৰাণ দেউতা
যি প্ৰাণহীন হৈও প্ৰাণৱন্ত আছিল
কিলোৰ দৰত কাৱাৰীয়ে
ভাঙি চিঙি লৈ গ’ল
দেউতাৰ চাইকেল।
যি আছিল আমাৰ
দেউতা! মৰমৰ দেউতা৷

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *