ঋষি কাপুৰ গ’ল গৈ

Spread the love

দিবাকৰ ৰেণু

চৈয়দ আয়ুব, দীপক আধিয়া আৰু নলিনী শংকৰৰ AA filmsৰ কে আৰ ৰেড্ডী পৰিচালিত শেষনাগ নামৰ ১৯৯০ ৰ ফেণ্টাচী বোলছৱিখনত এগৰাকী অতি সৰল গৰখীয়াৰ অভিনয় কৰা ঋষি কাপুৰ আৰু নাই।

বলীউডৰ মহাতাৰকা ইৰফান খানৰ পিছতে এই ধৰাৰ নৰ নাট সামৰি ঋষি কাপুৰেও জীৱন নাটৰ যৱনিকা টানিলে।১৯৫২ চনৰ ৪ চেপ্টেম্বৰত মুম্বাইৰ চেম্বুৰ চহৰৰ এটি পাঞ্জাৱী হিন্দু পৰিয়ালত তেখেতৰ জন্ম হৈছিল।সেই সময়ৰ জনপ্ৰিয় পৰিচালক আৰু অভিনেতা ৰাজ কাপুৰৰ তেখেত আছিল দ্বিতীয় সন্তান।১৯৭৩ চনৰে পৰা ২০০০ চনলৈকে ভাৰতীয় চলচ্চিত্ৰৰ দুৰ্গ বলীউডৰ তেখেত আছিল অপ্ৰতিৰোধ্য দুৰন্ত ৰোমান্টিক অভিনেতা।

১৯৭০ চনত তেখেতৰ পিতৃৰ মেৰা নাম জোকাৰ – চিনেমাখনত মূল চৰিত্ৰত কিশোৰ কালত অভিনয় কৰিছিল ঋষিয়ে।সেয়াই আছিল ,তেখেতৰ অভিনয় জগতলৈ প্ৰথম পদাৰ্পণ।তাৰ পিছতেই ১৯৭৩ চনত এখন অতি জনপ্ৰিয় ছৱি ববীত অভিনয় কৰিছিল ঋষিয়ে।

মুখ্য পুৰুষ চৰিত্ৰত অভিনয় কৰা ববী বোলছৱিখনেই তেখেতক এগৰাকী ৰোমান্টিক অভিনেতা হিচাপে প্ৰতিফলিত কৰিছিল।এবাৰ এটি বিশেষ সাক্ষাৎকাৰত তেখেতে এই কথাটো স্বীকাৰো কৰিছিল।এইদৰে এখনৰ পিছত আন এখন ছৱিত দুৰ্দান্ত অভিনয়ৰে ঋষি কাপুৰে দৰ্শক শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।

তেখেত অভিনীত বোলছৱি সমূহ হ’ল— ববী(১৯৭৩) ৰাফু চক্কৰ(১৯৭৫) অমৰ আকবৰ এন্টনী(১৯৭৭) খেল খেল মে(১৯৭৫)হম কিশিছে কম নেহি (১৯৭৭) জেহৰিলা ইনচান(১৯৭৪) কভি কভি(১৯৭৬) দুশৰা আদমী(১৯৭৬)ৰাজা(১৯৭৫)লেইলা মজনু১৯৭৬) সৰগম(১৯৭৯)প্ৰেম ৰোগ(১৯৮২) কুলি(১৯৮৩) সাগৰ(১৯৮৫) চান্দি(১৯৮৯)বোল ৰাধা বোল(১৯৯২) ডামিনী(১৯৯৩) কাৰোবাৰ(২০০০)আৰু নাগিনা (১৯৮৬) আদি।

১৯৯৯ চনত তেখেতে এগৰাকী পৰিচালক হিচাপে আ অৱ লউট চলে নামৰ আন এখন বোলছৱিৰ দায়িত্ব লৈছিল।পিছলৈ সহ অভিনেতা হিচাপেও বহু কেইখন বোলছৱিত সাৱলীল অভিনয় কৰিছিল।

অগ্নিপথ(২০১২) ষ্টুডেণ্ট অব দ্যা এয়াৰ(২০১২)ডো দুনী চাৰ(২০১১) টুম(২০০৪) ফানাহ(২০০৬) Delhi-6(২০০৯) নমস্তে লণ্ডন(২০০৭) আদিত অভিনয় কৰি খ্যাতি লাভ কৰিছিল।

হিন্দী বোলছৱি চকলেট বয় বুলি জনাজাত ঋষি কাপুৰে ,১৯৮০ চনত তেখেতৰেই সহযোগী শিল্পী নিতু সিঙক জীৱন সংগিনী কৰি লৈছিল। তেখেত সকলৰ সুযোগ্য সন্তান ৰনবীৰ কাপুৰ আৰু ৰিধিমা কাপুৰ সাহানী।

অভিনয় জগতত প্ৰথম প্ৰজন্মৰ পৰা পঞ্চম প্ৰজন্মৰ সৈতেও অভিনয় কৰিবলৈ সক্ষম হোৱা ঋষী কাপুৰ ৰাজহাড়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।২০১৮ চনত নিউ ইয়ৰ্কত তেখেতৰ চিকিৎসা হৈছিল ।

আৰোগ্যও হৈছিল।কিন্তু যোৱা ২৯ এপ্ৰিল তাৰিখে হঠাৎ তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত মুম্বাইৰ শ্ৰী এইচ এন ৰিলায়েঞ্চ ফাউণ্ডেচন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।কিন্তু যোৱা ৩০ এপ্ৰিল তাৰিখে পুৱাৰ ভাগত তেখেতৰ দেহবসান ঘটে আৰু লগে লগে এটা মহা যুগৰো অৱসান হ’ল।

সকলো ধৰণৰ চৰিত্ৰত সহ বা মুখ্য ভূমিকাত দুৰ্দান্ত অভিনয়ৰে অভিনয় কৰা ঋষি কাপুৰৰ বেছি ভাগ বোলছৱিত চৰিত্ৰৰ দাবী অনুসৰি অভিনয় কৰিছিল, যি অভিনয় আছিল জীৱন্ত।

ভাৰতবৰ্ষৰ বোলছৱি জগতৰ এই গৰাকী মহান কলাকাৰে বলীউড জগতৰেই নহয়,তেখেতৰ অনুৰাগীৰো আছিল প্ৰিয় ঋষি। তেখেতো গ’লগৈ—সেই অনন্ত ধামলৈ,য’ৰ পৰা কোনো পুনৰ ঘূৰি নাহে।

শ্ৰদ্ধাঞ্জলি ঋষি, শেষ অশ্ৰু অঞ্জলি —-

ফোনঃ-৮৬৩৮১৪৩৮১৫

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *