গল্পঃ সাগৰ সংগম

Spread the love

ৰীনা বুঢ়াগোহাঁই বৰুৱা

সাগৰিকা চৌধুৰী তাইৰ নাম। প্ৰখ্যাত উদ্যোগপতি সঙ্গমজিত চৌধুৰীৰ পত্নী | আলাসত ডাঙৰ হোৱা সাগৰিকাৰ মাক আৰু দেউতাক দুয়োজনেই শিক্ষক | মাক – দেউতাকৰ আদৰ্শ ৰে প্ৰতিপালিত হৈ তায়ো বি,এ পাছ কৰিলে | খুড়াকৰ চিনাকী সূত্ৰে সঙ্গমজিত চৌধুৰীৰ লগত আজিৰ পৰা দহ বছৰ আগতেই সাগৰিকাৰ বিয়া হৈ গৈছিল |সংসাৰ ভালদৰেই পাৰ হৈ গৈ আছিল | গিৰিয়েক কেৱল ব্যৱসায়ৰ কামতেই ব্যস্ত থাকিব লগা হৈছিল | আঁঠ মঙলা খাবলৈ যোৱাৰ দিনাই তাই প্ৰথম আৰু শেষবাৰৰ বাবে গিৰিয়েকৰ সৈতে মাকৰ ঘৰলৈ গৈছিল | তাৰ পিছত কোনোদিন ক’লৈকো যাওঁতে গিৰিয়েকৰ সংগ তাই পোৱা নাই | তাৰ কাৰনে তাইৰ খেদো নাই কোনোদিন | বিচৰা সকলো বস্তুৱেই তাই পাইছে | দামী গাড়ী, সুদৃশ্য অট্টালিকা , দুটাকৈ সন্তান, অলেখ ঐশ্বয্য সম্পদেৰে তাই চহকী |


দিনবোৰ বছৰ বাগৰি গৈছিল | সঙ্গমজিত  কামত ভালদৰে লাগক, ব্যৱসায়ত উন্নতি হওক , এইবোৰ চিন্তা কৰিয়েই তাই ঘৰুৱা কোনো কামৰ দায়িত্ব স্বামীক নিদিছিল | বৃদ্ধ শহুৰ-শাহু আৰু ননদ মালাৰ প্ৰতিটো খুটি-নাতি সাগৰিকাই মাৰিছিল | এনেহেন সাগৰিকাক পত্নী হিচাপে পাই মি: চৌধুৰীয়েও নিশ্চিন্ত হোৱাৰ লগতে গৰ্বিত হৈছিল | ন বজাতে ওলাই যোৱা মানুহজন ৰাতি দহ/এঘাৰ বজাত ঘৰ সোমাইছিল | ঘৰখনৰ দুই এটা খা-খবৰ লৈ যতনাই দিয়া ভাত কেইটা খাই তেওঁ শুই গৈছিল | নাকৰ শব্দই চলন্ত ৰেল গাড়ীকো যেন চেৰ পেলাব | তায়ো ভাগৰুৱা  গিৰিয়েকৰ বুকুত কুচিমুচি সোমাই দিছিল |
ইতিমধ্যে ননদ মালাৰ বিয়া হৈ গৈছিল | অইল ইণ্ডিয়াৰ মেকানিকেল ইঞ্জিনিয়াৰ সৌৰভ কাকতিৰ লগত | মেধা সম্পন্ন আৰু সৰবৰহী যুবক সৌৰভ | দুয়োটাৰে লাভ মেৰেইজ | অৱস্থাপন্ন ঘৰ আৰু চাকৰিয়াল হোৱাৰ সুবাদতে বিয়াখন সকলোৰে সন্মতি সাপেক্ষ্যে হৈ গ’ল | মাজে মাজে তাই বৌয়েকলৈ ফোন কৰি আদিৰ পৰা অন্তলৈ সকলো কয় | সৌৰভ কিমান ভাল , তাইৰ কিমান যত্ন লয়, সদায় সন্ধিয়া ফুৰাবলে উলিয়াই নিয়ে , অফিচ যোৱা সময়কনো তাইক এৰিবলে কষ্ট হয় তাৰ, বাৰ্থডেত এইবাৰ এখন মাৰ্চিডিচ দিছে ইত্যাদি ইত্যাদি | কিমান মৰম ভালপোৱা থাকিলে বাৰু পতিয়ে পত্নীৰ ইমান তদাৰকী কৰিব পাৰে সেয়া সাগৰিকাই নুবুজে | তথাপি নাৰীৰ সহজাত ঈৰ্ষাৰে ক্ষন্তেকৰ বাবে তাইৰ অভিমান হয় গিৰিয়েকৰ ওপৰত | তায়ো তেজ মঙহৰে গঢ়া শৰীৰ | নাৰী আৰু পুৰুষৰ আদিমতম ক্ষুধা পূৰাবলৈহে যেন জন্ম তাইৰ ! মালাৰ কথাই ক্ষন্তেকৰ বাবে বিচলিত কৰিলেও সাগৰিকা সাগৰৰ দৰেই অটল হৈ থাকিবলৈ চেষ্টা চলালে | কি কৰিব  ! সঙ্গমজিতে  জানি বুজি তাইক অৱজ্ঞা কৰা নাই | কামৰ হেঁচাত , চাকৰীৰ তাড়নাতহে সিহঁতৰ সম্পৰ্কবোৰে সুৱাগুৰি তুলিবলৈ সুযোগ পোৱা নাই |মালা আৰু সৌৰভে অইল ইণ্ডিয়াৰ কোৱাৰ্টাৰ পাই ছমাহৰ আগতে দুলিয়াজানলৈ গ’লগৈ | সাগৰিকাক বহুবাৰ তাই মাতি আছে সিহঁতৰ ওচৰলৈ | এইবাৰ পূজাৰ বন্ধ মিলাই সাগৰিকাই মালাৰ ঘৰ ওলালগৈ | ল’ৰা-ছোৱালী দুটাক বিভিন্ন অজুহাতত আইতাক ককাকৰ লগতে থৈ গ’ল | সময়ত চাহ/ভাত দিবলৈ , ঘৰ চাফা কৰিবলৈ ভাগে ভাগে মানুহ আছেই | গতিকে তাই নিশ্চিন্ত মনেৰে এইবাৰ ‘আইৰো বাৰ্তা গংগাৰো যাত্ৰা ‘ কৰা হ’ল |


মালাই বৌয়েকক পাই আনন্দতে অধীৰা হৈ পৰিল | বৌয়েকক কি খুৱাব, কি পিন্ধাব ,ক’ত ফুৰাব আদি কথাবোৰ এফালৰ পৰা কৈ গ’ল | অফিচত থকা সৌৰভক ফোন কৰি বৌয়েক অহা খবৰ দিবলৈ নাপাহৰিলে | আহোঁতে কি কি বস্তু আনিব লাগিব তাৰো দীঘলীয়া লিষ্ট দিলে | সৌৰভৰ অফিচৰ পৰা অহাত পলম হ’ব বুলি জনালে | মালাই বৌয়েকক লৈ ব্যস্ত হৈ পৰিল | এইকেইদিন সৌৰভৰ প্ৰশংসা শুনি শুনি  সাগৰিকাৰ কাণ ঘোলা হোৱাৰ উপক্ৰম হ’ল | অফিচলে যোৱাৰ সময়ত আৰু অফিচৰ পৰা আহি সৌৰভে মালাক কৰা মৰমৰ অত্যাচাৰবোৰ দেখি তাইৰ বুকুখন বিষাই উঠে | যদি তাইকো গিৰিয়েকে এনেকৈ মৰম দিলেহেঁতেন ! তাই চকুদুটা মুদি পৰি ৰ’ল |ৰাতিপুৱাই মালাই সিদ্ধান্ত কৰিলে আজি বৌয়েকক লৈ বাহিৰত ডিনাৰ কৰিব | সৌৰভেও সন্মতি জনালে | অফিচৰ পৰা সোনকালে অহাৰ প্ৰতিশ্ৰুতি দি মালাৰ কপালত মৰমৰ চুমা উপহাৰ দি সৌৰভ গ’লগৈ |

সাগৰিকাৰ একান্ত অনিচ্ছা সত্বেও মালাৰ কথা পেলাব নোৱাৰিয়েই ডিনাৰলৈ যাবলে সাজু হ’ল | মালাৰ কি ফূৰ্তি !  পাতল গুলপীয়া ৰঙৰ নাইট গাউনটোৱে তাইক অপৰূপা দেখাইছে | কি কি খাব , ক’ত যাব তাই মনতে পাঙিয়েই লৈছে |  কেৱল সৌৰভৰ অপেক্ষাত দুয়ো | মালাই বাৰে বাৰে ফোন কৰিছে সৌৰভলৈ | গৈ আছো ,গৈ আছো বুলি কোৱা সৌৰভে অৱশেষত কৈ পেলালে “তোমালোক দুয়ো আজি অকলেই যোৱা | মই অফিচৰ বিশেষ কাম এটাৰ পৰা এৰাব নোৱাৰা হ’লো | বছো লগতে আছে” |

মালাৰ চকুৰে পানী বৈ আহিল | বৌয়েকৰ আগত খঙত আৰু লাজত মূৰ্চ্ছা যোৱা ফুলপাহৰ দৰে হ’ল |সাগৰিকাই পৰিস্থিতিতো চম্ভালি ল’লে | হ’ব দিয়া মালা , আমি বেলেগ এদিন যাম বুলি মালাক ক’বলৈহে পালে , মালাই একেচাটে কৈ উঠিল , “ব’লা বৌ সৌৰভ নোহোৱাকৈয়ো মই তোমাক ডিনাৰ কৰাবলৈ নিম | সি কি ভাবিছে মোক !”মালাই জন্মদিনত সৌৰভৰ পৰা উপহাৰ হিচাবে পোৱা মাৰ্চিডিছ খন নিজে ড্ৰাইভ কৰি ওলাই গ’ল বৌয়েকক আগৰ চিটত বহাই লৈ | গাড়ী গৈ ‘হেভেন’ বুলি থ্ৰিষ্টাৰ হোটেলখনৰ মুখত ৰ’লগৈ | মালাই বৌয়েকৰ হাতত ধৰি আধা আলো আধা ছাঁৰ মাজেৰে গৈ সজাই থোৱা চকীত বহিলগৈ | বৌয়েকক বহুৱাই তাই ৱাছ্ ৰুমলৈ গ’ল | সাগৰিকা বহি আছে | বিভিন্ন গ্ৰাহকৰ কিছিৰ মিছিৰ মাতত তাই নিজকে হেৰুৱাই পেলাইছে | বিভিন্ন ভংগীমাত বিভিন্ন মানুহৰ অহা যোৱা  কোনোৱে বহি আছে, কোনোৱে খাই আছে | ভালকৈ কাকোৱেই নমনি | হঠাত পিছফালৰ চিটত বহি থকা মানুহৰ মাতটো তাইৰ খুউৱ চিনাকী যেন লাগিল | চেঁপা চেঁপা মাতেৰে কাৰোবাক বুজোৱাৰ অপচেষ্টা কৰি বিফল হৈছে কওঁতাজন | “তুমি বুজিবৰ চেষ্টা নকৰা কিয় জান ? মোৰ ৱাইফৰ ঘৰৰ পৰা আলহী আহিছে | মই কত চেষ্টা কৰি ,অফিচৰ কামৰ দোহাই দি, তোমাক লগ কৰিবলৈ আহিছো | তথাপি তুমি মোক বুজিবৰ চেষ্টা নকৰা কিয় ? এনেয়ো দিনটোৰ এফাল মই তোমাৰ লগতে কটাও | মোক বুজিবৰ চেষ্টা কৰা জান ” | সাগৰিকাৰ ধৈয্যচ্যুতি ঘটিল | মাতটো দেখুন তেনেই সৌৰভৰ | পিছফালে ঘূৰি চাই দেখিলে , হয় সেইটো সৌৰভেই হয় | কোনোবা এগৰাকী ৰমনীৰ চুলি মোহাৰি মোহাৰি  বুজাবলে চেষ্টা কৰাটো সিয়েই |সাগৰিকা তাত এখন্তেকো নৰ’ল | ৱাছ ৰুম অভিমূখে তাই ঢপলিয়াই গ’ল | মালাই বৌয়েকক দেখি কি হ’ল বুলি সুধিবলৈ নাপাওতেই চিলাই ঠপিয়াই অনাদি মালাৰ হাতখনত ধৰি বাহিৰলৈ ওলাই আহিল | ” মালা মোৰ গাটো বহুত বেয়া  লাগিছে | ব’লা ঘৰলৈকে যাওঁগৈ ” বুলি দুয়োজনী আহি গাড়ীত বহিলহি | সাগৰিকাৰ মনটোৱে  সঙ্গমজিতকে বিচাৰি উদ্বাউল হৈ পৰিল |  তাইৰ কাৰনে গিৰিয়েকেই বহুত ভাল |

সেই সময়ত গিৰিয়েকৰ নাকৰ ঘোৰঘোৰনিটো তাইৰ আপোন যেন লাগি গ’ল | ভাগৰুৱা সঙ্গমজিতৰ বহল বুকুখনত তাই নিজৰ অৱস্থিতি  খোদিত কৰিলে | তাই মনস্থ কৰিলে কালিলৈকে মালাৰ ঘৰৰ পৰা তাই যাবগৈ সঙ্গমৰ কাষলৈ | তেওঁ অন্ত:ত সাগৰিকাক ফাকি দিয়া নাই কোনোদিন |সাগৰিকাৰ মনটো ৰাঙলী আভাৰে উদ্ভাসিত হৈ উঠিল |

ফোনঃ 8403934414

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *