হে সময়, আমাক ওভোতাই দিয়া…

Spread the love

তপন বৈশ্য  

বসন্তৰ ডালিমফুলীয়া দোকমোকালিটোৰ ডঁৰিয়লিতমুখ থেকেচা খাই পৰি থাকিল ভমকাফুলীয়া অাকাশখনৰৈ ৰৈ ভাগৰ অাৰু অভিমানত গান গোৱা চৰাইজাক টোপনি গ’ল বাঁহনিডৰাৰ অান্ধাৰত |      হাবি ভাঙি উৰি অহা নাই কেতেকীৰ সুবাসফুলি উঠা নাই ওঁঠে ওঁঠে গানৰ গুটিমালতী, প্ৰেমৰ অালাপ ,মৃত্যুৰ মলিন ছায়াত নিথৰ কুঁহিপাতকপৌফুলৰ চিপজৰীত ওলমি থাকিল এটি মৌ মিঠা মাত           বাঁহগছবোৰ ফুলি উঠা ৰাতিদূৰৈৰ চনবাৰীত শুনো যম ডাকিনীৰ কিৰিলীনিজম নিতাল নৈ পৰীয়া অাঁহতৰ ছাঁ               ৰিঙা ৰিঙা, উদং বকুলতলৰ বাকৰি      নিঃসীম নীলিমাজুৰি নিৰ্জনতাৰ নিমাওমাও কোৰাছগৰখীয়াৰ ওঁঠ ফাটি তেজবুকুৰ বিহুতলী কঁপাই বজোৱা নাই বসন্তই বাসনাৰ বৰঢোলতাঁতৰ পাটত অাইৰ অাঁচুফুলৰ গামোচাখনিত বিষাদৰ বোল        বসন্তৰ এই উথপথপ উপত্যকা নিৰ্জন কৰি এছাটি অচিনা বতাহেছটিয়াই থৈ গ’ল মৃত্যৰ মদিৰা     অাকালৰ জুয়ে পোৰা চোতালত     পিতায়ে জুৰিছেহি দুখৰ দোতাৰা     অাজলীতৰা, কি সতেৰে জনাওঁ       তোক এইবেলি বিহুৰ বতৰা…
   ভাবিছিলোঁ জানো কাহানিবাএদিন এনেদৰে বাজি উঠিব অামাৰবুকুৰ বাঁহীত বিষণ্ণ বেহাগ ,    হে সময়… সমিধান দিয়া,বজোৱা পোহৰৰ শংখ নিনাদএই ভয়াৱহ জড়তা ভাঙিঅামাক ওভোতাই দিয়াঅামাৰ বাখৰুৱা বুকুৰ বাসন্তী উছাহঅামাক ওভোতাই দিয়া সোনোৱালী ব’হাগগুজি দিবলে বতৰৰ ফুল এপাহপ্ৰিয় নাৰীৰ নেঘেৰী খোপাত   ||

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *