সকলো যেন টোপ

Spread the love

নাৰায়ণ বন্দোপ্যাধ্যায়ৰ গল্প। বুদ্ধদেৱ দাসগুপ্তৰ পৰিচালন শৈলী। প্ৰতিটো ফ্ৰেম যেন একোখন চিত্ৰকৰ চিত্ৰ। তিনিটা পৰিয়ালৰ যাদুময়ী কাহিনী।

ৰাজা ৰাজপৰিয়ালৰ সন্তান। বাঘ চিকাৰী। ভেনিয়েল ৰেৰ্কডত পুৰণি গীত শুনে, জিপচী চলাই ঘূৰি ফুৰে। ৰেখা ৰাজাৰ পত্নী ৰূপ যৌৱন সকলো আছে। কিন্তু ৰাজা থাকিও কাষত নাই। পিনোন্নত দেহলৈ বাৰ্ধক্য আহিছে। বাইনুকুলাৰ লৈ অন্যৰ দেহ চাব লগা অৱস্থা। এটা দ’ল আহে তেওঁলোকে তথ্যচিত্ৰ নিৰ্মাণ কৰিব। বাঘ বধৰ দৃশ্য কেমেৰাত বন্দী কৰিলে ধনৱান হৈ পৰিব। গতিকে ৰাজাক টোপ।

ডাক কৰ্মচাৰী গজ। সি ঘৰ দুৱাৰ পাহৰিল। গছত বান্দৰৰ লগত মিতিৰালি। পত্নীয়ে বহুবাৰ গালি পাৰিও ঘৰলৈ নিব পৰা নাই। সকলোৰে চিঠিবোৰ পঢ়ে। কিন্তু ভাল খবৰ নাই বুলি গছতে ৰাখি থয়। ৰাইজে গছৰ গুৰি কাটিবলৈ অহাত হাবিলৈ পলায়ণ।

মুন্মীৰ মাকে কাঁহী বজাই, দেউতাকে ঢোল বজায়। তাই ৰচীৰ ওপৰত উঠি খেল দেখুৱাই। মাকৰ গৰ্ভত থাকোতেই শিকি আহিছে। সপোন এটাই পইচা গোটাই অলংকাৰ কিনিব। কইনা হ’ব।

ৰাজাই বাঘ চিকাৰ কৰিব। টোপ ম’হ নহয়। মুন্মীক টোপ হিচাপে দিব। খুচৰা পইচা দলিয়াই দিয়া টোপ। যি টকাৰে তাই অলংকাৰ কিনিব। গজই আকৌ হাবিত সেই টোপ দেখা পাই।

শেষত মুন্মীৰ মাক দেউতাকৰ ক্ৰোধৰ কাঁহী আৰু ঢোল বাদন, গজৰ চিঞৰবোৰ বাঘ চিকাৰ কৰি অহা বিজয়ৰ বেণ্ড পাৰ্টীৰ মাজত মিলিন হৈ পৰে। সিহঁতেও যেন আনন্দ কৰিছে তেনে দৃশ্যহে তথ্যচিত্ৰ নিৰ্মাণ কৰা দ’লৰ কেমেৰাত বন্দী।

সকলো যেন টোপ।

বিঃদ্ৰঃ চিৰঞ্জীৱ শইকীয়াৰ ৱালৰ পৰা সংগৃহীত

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *