সাহিত্যিক গীতালী বৰুৱা

Spread the love

কুৰি বছৰৰো ওপৰ কাল নিৰৱচ্ছিন্ন ভাবে অসমীয়া সাহিত্যৰ ভঁ‌ৰাললৈ অৱদান আগবঢ়াই অহা সু-সাহিত্যিক গীতালী বৰুৱা বাইদেউৰ লেখা বিয়পি আছে — কবিতা, উপন্যাস , গল্প, প্ৰবন্ধপুথি আৰু নাট্য সাহিত্যলৈ।

গল্প, উপন্যাস সমূহৰ অন্যতম আকৰ্ষণ হৈছে — ইয়াত কোনো কল্পনাপ্ৰসূত লেখা নাই, ক্ষেত্ৰ অধ্যয়নৰ যোগেৰে সম্পূৰ্ণ বাস্তৱৰ ওপৰতহে লেখা হৈছে। লেখাৰ বলিষ্ঠতা, কম বৰ্ণনাযুক্ত অথচ লেখাৰ সাৱলীলতা অতিশয় প্ৰশংসনীয়, শব্দ-বাক্যৰ অপচয় দেখিবলৈ পোৱা নাযায় বুলিয়েই ক’ব পাৰি। ২০১২ বৰ্ষৰ অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁ‌টা বিজয়ী গীতালী বৰুৱা বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।

গীতালি বৰুৱাৰ কথা

“সময়ে কি দিলে-নিদিলে তাৰ হিচাপ লোৱা নাই কোনোকালে । সময়ৰ কামৰ হিচাপ ল’বলৈ মইনো কোন কূটা? কিন্তু এই সময়ছোৱাত মই কি দিলোঁ, তাৰ হিচাপ ল’বলৈ মন এটা অৱশ্যেই জীৱিত আছে ।

অসমীয়া সাহিত্যৰ ভঁৰালত দিয়া মোৰ এই সামান্য অৱদানসমূহ কোনোবা চুকত হ’লেও পৰি থাকক , সেয়াই কামনা মোৰ অনন্ত সময়ৰ ওচৰত । মই নথকা দিনবোৰত মোৰ অৱদানসমূহে যেন মাত এষাৰ দিয়ে মোৰ শ্ৰদ্ধাৰ পাঠকসকলক।

( কেইখনমান গ্ৰন্থৰ তিনিটামানকৈ সংস্কৰণ প্ৰকাশ পাইছে । তাৰে বেটুপাতবোৰৰ ছবিসমূহ দিছোঁ যদিও মাথোঁ প্ৰথম প্ৰকাশৰ চনটোহে উল্লেখ কৰা হৈছে।)

কবি কল্পদ্ৰুম বঁটা ২০০৬

মাইকেল মধুসূদন বঁটা– ২০০৯ চন । ( সাহিত্যৰ ক্ষেত্ৰত)

অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা– ২০১২ চন ( গল্প সংকলন– সমাবৃত)

এনাজৰী বঁটা–২০১৪ চন ( উপন্যাস– অযুগ্ম সংখ্যা)

অসম ক্ৰীড়া আৰু সাংস্কৃতিক মহোৎসৱৰ জীৱনজোৰা সাধনা বঁটা ২০১৬ চন ।

ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা — ২০১৯

কাব্য সংকলন

১ । একুৰি অনুভূতি — ২০০২ চন/ ২৭ এপ্ৰিল

২। গীতালী বৰুৱাৰ অনুভৱ– ২০০৩ / মে মাহ

৩। এবুকু অনুকম্পা — ২০০৪ / মাৰ্চ

৪। যৌৱনৰ প্ৰেমৰ স্বপ্ন — ২০০৪/ মাৰ্চ

৫। পাহৰোঁ আহা — ২০০৫ / মাৰ্চ

৬। অদৃশ্য ডাকোৱাল — ২০০৫ / অক্টোবৰ

৭। তুমি নাৰীৰে জন্মা — ২০০৫ / অক্টোবৰ

৮। শান দিয়া জোন — ২০০৬ / ৮ চেপ্টেম্বৰ

৯। সৰিসৃপ মৌনতা — ২০০৭ / নভেম্বৰ

১০। উশাহৰ সীমনা — ২০০৭ / নভেম্বৰ

১১/ নীলা ঢৌৰ উচুপনি — ২০০৯ / ডিচেম্বৰ

প্ৰকাশিত গ্ৰন্থঃ

গল্প সংকলন

১২। বন্দী জীৱনৰ আৰ্তস্বৰ–২০০৮ / জুলাই

১৩। প্ৰত্যুষ– ২০১০ /জুন

১৪। সমাবৃত — ২০১১ / জুন

১৫। ৰ’দৰ ফুল –২০১১ / অক্টোবৰ

১৬। বৈধ কি অবৈধ কি — ২০১৪/

১৭। উৰণীয়া মানুহ –২০১৫ / নভেম্বৰ

১৮। এক মিনিটৰ গল্প– ২০১৩ / ১ ফেব্ৰুৱাৰী

১৯। মডেল– ২০১৯ / নভেম্বৰ

উপন্যাসঃ

২০। ত্ৰিপত্ৰ– ২০১০ / আগষ্ট

২১। কামাবশায়িতা– ২০১০/নভেম্বৰ

২২। অযুগ্ম সংখ্যা–২০১১/ চেপ্তেম্বৰ

২৩। ধ্বনিময় অনল শিখা / মিউজিকেল লাইটাৰ– ২০১৪ /১ মে

২৪। মায়াময়– ২০১৪

২৫। ছৈৰ তলৰ অপ্ৰেম– ২০১৭

কাব্যোপন্যাস ———

২৬। কাৰ উশাহ কাৰ উচুপনি– ২০১৭ / চেপ্তেম্বৰ

প্ৰবন্ধ সংকলন————-

২৭। নেতাই ধুবুনীৰ দেশৰ কথা । ২০১৮ / অক্টোবৰ

২৮। শিশু পুস্তিকা– ২০০৭ / ২০ অক্টোবৰ

২৯। গল্প সমগ্ৰ ( সাতখন গল্প সংকলনৰ একত্ৰ সংকলন)

৩০। নিৰ্বাচিত কবিতা ( আঠখন কাব্য সংকলনৰ একত্ৰ সংকলন)

৩১। নাটক সংকলন– অভিনেত্ৰী আৰু অন্যান্য নাটক — ২০১৯

প্ৰকাশিতব্য উপন্যাস—- দাহালথুংগ্ৰি , বনৰ ঈশ্বৰ,
আৰু দুখন নাম স্থিৰ নোহোৱা উপন্যাস , ভ্ৰমণ কাহিনী , এক মিনিটৰ গল্প আৰু নাম স্থিৰ নোহোৱা এখন গল্প পুথি।”

  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Leave a Reply

Your email address will not be published. Required fields are marked *